Breaking News

গোলাঘাটত ৰপ্তানিযোগ্য সেৱা আৰু সামগ্ৰীৰ প্ৰদৰ্শনী

 


ডিজিটেল সংবাদ,গোলাঘাটঃ আজাদি কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলাত ৰপ্তানিৰ সম্ভাৱনা সন্দৰ্ভত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত অহা ২৪ ছেপ্টেম্বৰৰ পৰা বাণিজ্য সপ্তাহৰ আয়োজন কৰা হৈছে। এই বাণিজ্য সপ্তাহৰ অংশৰূপে জিলা পুথিভঁৰালৰ বাকৰিত জিলাখনৰ ৰপ্তানিযোগ্য সামগ্ৰী আৰু সেৱাসমূহৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে । সেইদিনা পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই প্ৰদৰ্শনীত ২০ খন বিপনীয়ে অংশগ্ৰহণ কৰিব । সপ্তাহৰ সৈতে সংগতি ৰাখি জিলা পুথিভঁৰালৰ সভাগৃহত ৰপ্তানি সন্মিলন শীৰ্ষক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহা প্ৰৱন্ধকে জানিবলৈ দিছে।

No comments