Breaking News

চুঙাজানত ব্ৰাউন চুগাৰসহ দুজন আটক

মাধুৰ্য কোঁৱৰ,ধনশিৰিঃগোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ চুঙাজান আৰক্ষী থানাৰ অন্তৰ্গত নাওঘাটত বৃহস্পতিবাৰে বিয়লি ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞাৰ নেতৃত্বত চলা নাকা তালাচিত ব্ৰাউন চুগাৰসহ দুজন লোকক আটক কৰে। কাৰ্বি আংলঙ জিলাৰ বোকাজানৰ দিশৰ পৰা আহি থকা অৱস্থাত নিষিদ্ধ ব্ৰাউন চুগাৰসহ উক্ত লোক  দুজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। ধৃত লোক দুজনৰ পৰা প্ৰায় ১৩.৬৭ গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ জব্দ কৰিছে  আৰক্ষীয়ে। ধৃত যুৱক দুজন মৰিগাঁও জিলাৰ সাপেখাটীৰ ছায়দুল ইচলাম আৰু আবুল কালাম বুলি জানিব পৰা গৈছে। ইপিনে আৰক্ষীয়ে জানিব দিয়ে যে, ছায়দুল ইচলাম নামৰ ধৃত লোক জন কাৰ্বি আংলঙ জিলাৰ খটখটী আৰক্ষী থানাৰ গোচৰ নং ১৩৮/২১ইউ/এচ২১(বি)/২৯ এনডিপিএচ আইনৰ অধীনত ৱান্টেড হৈ আছিল।

No comments