Breaking News

দৈয়াঙৰ ২ নং চৰাইমাৰী গাঁৱক বীমাগ্ৰাম হিচাপে ঘোষণা ভাৰতীয় জীৱন বীমা নিগম গোলাঘাট শাখাৰ

ডিজিটেল সংবাদ,গোলাঘাটঃ ভাৰতীয় জীৱন বীমা নিগম, গোলাঘাট শাখাই আজি মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰ গাঁও পঞ্চায়তৰ ২ নং চৰাইমাৰী গাঁওখনত বীমাগ্ৰাম হিচাপে স্বৃকীতি প্ৰদান কৰে ।সেই উপলক্ষে আজি গাঁওখনলৈ যোৱা মূল পথত বীমাগ্ৰামৰ ফলক উদ্বোধন কৰে যোৰহাট মাণ্ডলিক শাখাৰ মহাপ্ৰৱন্ধক প্ৰকাশ মিশ্ৰই।ইয়াৰ পাছতে ২ নং চৰাইমাৰী নামঘৰ প্ৰাঙ্গনত বীমাগ্ৰাম সম্পৰ্কীয় এক সভা অনুষ্ঠিত হয়।ভাৰতীয় জীৱন বীমা নিগমৰ অভিকৰ্তা ছবিন দত্তই আঁত ধৰা অনুষ্ঠানত গোলাঘাট শাখাৰ প্ৰৱন্ধক তৰুণ জ্যোতি বৰুৱা।

অনুষ্ঠানত অভিকৰ্তা নিৰোদ ৰাজবংশী,বিতোপন বৰুৱা, নিহাল ঘোষ,পুলক মৰাং, ইভাল লংই,বৃন্দাবন গগৈ, প্ৰশান্ত প্ৰতীম বৰুৱা,সঞ্জীৱ বৰুৱা আদি উপস্থিত থাকে।ভাৰতীয় জীৱন বীমা নিগম গোলাঘাট শাখাৰ উন্নয়ণ বিষয়া অংকুৰ অজয় তামুলীৰ তত্বাৱধানত আৰু আৰু অভিকৰ্তা নীৰঞ্জন গগৈৰ সহযোগত অনুষ্ঠিত উক্ত কাৰ্যসূচীত ভাৰতীয় জীৱন বীমা নিগম গোলাঘাট শাখাৰ তৰফৰ পৰা ২ নং চৰাইমাৰী গাঁওখনলৈ ২৫ হাজাৰ টকা অনুদান আগবঢ়াই।ইফালে অনুষ্ঠানত কেইবাটাও সাংস্কৃতিক দলে বিহু,ঝুমুৰ আদি প্ৰদৰ্শন কৰে।তদুপৰি সভাত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি,সম্পাদকে প্ৰমোখ্য কৰি শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।

No comments