Breaking News

ৰাজ্যজুৰি জাতীয় পৰিষদৰ জাতীয় গৰ্জন কাৰ্যসূচী

 


ডিজিটেল সংবাদ,গুৱাহাটীঃ ‘পাঁচ নং দফা হৈছে অসম চুক্তিৰ আত্মা৷ আত্মাক হত্যা কৰি চুক্তি ৰূপায়ন কৰিম বুলি কোৱাটো এটা প্ৰতাৰণা৷ এনে প্ৰতাৰণা মানি লোৱা নহয়৷’ – মূলতঃ এই বক্তব্যৰে ৰাজপথলৈ ওলাই আহিছে অসম জাতীয় পৰিষদ দল৷ নৱগঠিত ৰাজনৈতিক দলটোয়ে মঙ্গলবাৰে অসম চুক্তিৰ ৫ আৰু ৬ নম্বৰ দফা কাৰ্যকৰী কৰা আৰু অসমত কা’ বলৱৎ নকৰাৰ দাবীৰে ৰাজ্যজুৰি ‘জাতীয় গৰ্জন’ কাৰ্যসূচী পালন কৰে৷ ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰ সদৰত দলৰ নেতা-কৰ্মীসকলে সমবেত হৈ ‘অসম চুক্তিৰ ৫ আৰু ৬নং দফা কাৰ্যকৰী কৰক’, ‘অসম চুক্তিৰ আত্মাক হত্যা নকৰিব’, ‘অসম চুক্তিৰ ৬নং দফাৰ আধাৰত খিলঞ্জীয়া লোকক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰক’, ‘অসমত কা প্ৰৱৰ্তন নকৰিব’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

উল্লেখযোগ্য যে, 'কা’-বিৰোধী আন্দোলনৰ সময়ত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি নেতাসকলে অসম চুক্তিক অপ্ৰাসংগিক বুলি মত প্ৰকাশ কৰিছিল৷ কিন্তু চৰকাৰ গঠনৰ পিছত অসম চুক্তি ৰূপায়নৰ নামত এলানি সভা-সমিতি পাতি চুক্তিখনৰ ৫ আৰু ৬নং দফাক বাদ দি বাকী দফাসমূহত উল্লেখিত কিছুমান কম গুৰুত্বপূৰ্ণ কাম কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷ অথচ উক্ত দুয়োটা দফাত উল্লেখিত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ তথা অসমীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ বিষয়টো চৰকাৰে স্পষ্টভাৱে উপেক্ষা কৰিছে৷

কাৰ্যসূচীৰ শেষত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত সভাপতি গগৈ আৰু সাধাৰণ সম্পাদক ভূঞাই কয়, “এন ডি এ চৰকাৰে সংসদত নাগৰিকত্ব (সংশোধনী) আইন গৃহীত কৰি ইতিমধ্যেই অসম চুক্তিৰ আত্মাক হত্যা কৰিলে৷ ৬নং দফা কাৰ্যকৰী কৰাৰ জৰিয়তে অসমীয়া জাতিক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰা হ’ব বুলি আশ্বাস দি কেন্দ্ৰীয় চৰকাৰে বিপ্লৱ শৰ্মা কমিটী গঠন কৰি দিছিল৷ উক্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত ডেৰ বছৰতকৈ অধিক সময় ধৰি দিছপুৰত অৱহেলিত হৈ পৰি থাকিল৷ গতিকে অসমীয়া মানুহক বিজেপি নেতৃত্বাধীন চৰকাৰে কৰা এই প্ৰতাৰণাৰ বিৰুদ্ধে জনমত গঠন কৰাটো সময়ৰ আহ্বান৷ জাতীয় গৰ্জন কাৰ্যসূচীৰ জৰিয়তে জাতিসত্বাক সুৰক্ষিত কৰাৰ সংগ্ৰামখন পুনৰ শক্তিশালী ৰূপত গঢ় দিয়াৰ প্ৰয়াস চলোৱা হৈছে৷” 

২০১৯ বৰ্ষৰ 'কা’-বিৰোধী আন্দোলন কোভিড পৰিস্থিতিৰ বাবে স্থিমিত হৈ পৰাৰ পিছত বিগত প্ৰায় দুটা বছৰ ৰাজ্যত বিতৰ্কিত আইনখনৰ বিৰুদ্ধে জনমত গঠনৰ সংগ্ৰামখন স্থিমিত হৈ পৰিছিল৷ তাৰ মাজতে হোৱা বিধানসভা নিৰ্বাচনত কা প্ৰৱৰ্তনকাৰী দল বিজেপিয়ে জনমত লাভ কৰাত কুখ্যাত আইনখন অসমবাসীয়ে মানি লৈছে বুলি শাসকপক্ষই এটা ধাৰণা দিবলৈ যত্ন কৰা পৰিলক্ষিত হৈছে৷ এনে প্ৰেক্ষাপটত আজি অসম জাতীয় পৰিষদৰ নেতৃত্বত ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰ সদৰত কা’ৰ বিৰুদ্ধে কোভিড প্ৰটোকল মানি ব্যাপক সংখ্যক লোক ওলাই অহাটো তাৎপৰ্যপূৰ্ণ৷ কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে দলৰ নেতা-কৰ্মী তথা শুভাকাঙ্খীসকলক ধন্যবাদ জনাই গগৈ আৰু ভূঞাই কয় যে ছবছৰীয়া ঐতিহাসিক অসম চুক্তিৰ সফল সামৰণি স্বৰূপে গৃহীত অসম চুক্তিৰ ৫ নং দফাত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ভিত্তি তাৰিখ নিৰ্ধাৰণ কৰি দিয়া আছে৷ 'কা’খন সংসদত গৃহীত হোৱাৰ লগে লগে ৫নং দফাত উল্লেখিত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বিষয়টো অপ্ৰাসংগিক হৈ পৰিল৷ ৫ নং দফাটোয়েই যিহেতু অসম চুক্তিৰ মূল বিষয়, গতিকে এই দফাটোক উপেক্ষা কৰা মানে অসম চুক্তিখনৰ আত্মাক হত্যা কৰা৷ কা’ৰ জৰিয়তে অসম চুক্তিৰ ৫ নং দফাক অপ্ৰাসংগিক কৰি বিজেপি দল আৰু ইয়াৰ চৰকাৰে অসমীয়া জনসাধাৰণক অসমতে সংখ্যালঘু কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে বিদেশীৰ ভোটৰ মোহত অন্ধ বিজেপি চৰকাৰে অসমীয়া জাতিক সংখ্যালঘুত পৰিণত কৰিব বিচৰা ষড়যন্ত্ৰ অসম জাতীয় পৰিষদে কেতিয়াও সফল হ’বলৈ নিদিয়ে৷ 

জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে দলীয় বিবৃতিটোত কয় যে ১৯৫১ চনৰ পিছত প্ৰতিটো লোকপিয়লত অসমত অসমীয়াভাষী লোকৰ হাৰ প্ৰতি বিশ বছৰত দহ শতাংশ হিচাপে হ্ৰাস পাই ২০১১ চনত ৪৭ শতাংশ হৈছে ৷২০৩১ চনৰ লোকপিয়লত এই হাৰ ৩৭ শতাংশলৈ নামি আহিব বুলি ধাৰণা কৰা হৈছে৷ তাৰ মানে অনাগত দহ বছৰৰ পিছত অসমত অসমীয়া জাতি সংখ্যালঘুত পৰিণত হ’ব৷ তেতিয়া অসমীয়া জাতিক সুৰক্ষিত কৰাৰ বিষয়টো অবান্তৰ হৈ পৰিব৷ তেনে পৰিস্থিতিৰ পৰা অসমীয়া মানুহক ৰক্ষা কৰিবলৈ হ’লে সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টো এতিয়াই নিষ্পত্তি কৰিব লাগিব৷ 

“ধৰ্মৰ ভয় দেখুৱাই শাসন চলাই থকা বিজেপি দলে অসমীয়া মানুহৰ ভাষা হেৰুওৱাৰ উপক্ৰম হোৱাৰ বিষয়টো সন্দৰ্ভত নিমাত৷ ধৰ্মৰ ভিত্তিত সমাজখনক ভাগ কৰা বিজেপি দল আৰু ইয়াৰ চৰকাৰৰ অসমীয়াবিদ্বেষী কাৰ্যকলাপ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে৷ ২০৩১ চনত অসমত অসমীয়া মানুহ যে সংখ্যালঘুত পৰিণত হ’ব, সেই কথা উপলব্ধি কৰি অসম জাতীয় পৰিষদে জাতীয় অস্তিত্ব আৰু স্বাভিমান ৰক্ষাৰ সংগ্ৰামখন তীব্ৰ ৰূপত আগবঢ়াই নিবলৈ সংকল্পবদ্ধ৷”- গগৈ আৰু ভূঞাই কয়৷ 

জাতিৰ সংকটৰ সময়ত ওলাই আহি আজিৰ জাতীয় গৰ্জন কাৰ্যসূচীত ভাগ লোৱা সকলো দলীয় বিষয়ববীয়া আৰু কৰ্মী-সমৰ্থকক গগৈ আৰু ভূঞাই ধন্যবাদ জনায়৷

No comments