Breaking News

ড° মহেশ্বৰ নেওগ --- মৃত্যুদিনৰ শ্ৰদ্ধাৰ্ঘ



পাপৰি শইকীয়া বৰা

আজি প্ৰসিদ্ধ প্ৰাচ্যতত্ববিদ  গৱেষক পণ্ডিত ড° মহেশ্বৰ নেওগৰ মৃত্যুতিথি ।১৯৯৫ চনৰ ১৩ ছেপ্তেম্বৰতেই এইজন মহান চিন্তাবিদে নশ্বৰ দেহ ত্যাগ কৰিছিল । গভীৰ অধ্যয়ন পুষ্টতা আৰু নিৰ্মোহ চেতনাৰে ভাষা সাহিত্যৰ বাবে আত্মোৎসৰ্গ কৰাসকলৰ ভিতৰত অন্যতম আছিল ড° মহেশ্বৰ নেওগ ।

মহাপুৰুষ শংকৰদেৱ আৰু বৈষ্ণৱ ধৰ্মৰ বিষয়ে নিৰৱচ্ছিন্নভাৱে অধ্যয়ন আৰু গৱেষণা কৰা নেওগ দেৱে কেইবাখনো মূল্যবান গ্ৰন্থৰে  সাহিত্যৰ ভঁৰাল চহকী কৰিছে ।  Shankardeva     'Shankardeva And His Time '       'Cultural Heritage Of Assam'    'Essays On Assamese Literature '   Rhythem ln The Vaishanava Music Of Assam '     আদি তেখেতৰ ৰচিত গৱেষণালব্ধ পুথি ।

অসমীয়া সাহিত্যলৈ তেখেতৰ সম্পাদিত 'সঞ্চয়ন' এক অনবদ্য বৰঙণি । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ন্যাস পৰিষদৰ সচিবৰ দৰে গুৰুত্বপূৰ্ণ পদত থাকিও তেখেতে নিৰন্তৰ সাহিত্য  চৰ্চা কৰিছিল  ।ভাষাৰ শুদ্ধ ৰূপৰ ব্যৱহাৰৰ প্ৰতি অত্যন্ত সচেতন ড° নেওগদেৱ এজন নিৰহংকাৰ   আৰু মধুৰ ব্যক্তিত্বৰ  মহান ব্যক্তি আছিল ।এইগৰাকী প্ৰতিভাশালী অনন্য সাহিত্যিকক মৃত্যুদিনত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছো ।



No comments