Breaking News

যোৰহাটত মোবাইল ভেকচিন ভেন শুভাৰম্ভ স্বাস্থ্য মন্ত্রী কেশৱ মহন্তৰ


প্ৰাঞ্জল প্ৰতিম বৰা,যোৰহাটঃ অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিচনৰ অধীনত "ভ্ৰাম্যমাণ ক'ভিড প্ৰতিষেধক প্ৰদানকাৰী বাহন'ৰ জৰিয়তে ৰাজ্যখনৰ গাঁৱে-গাঁৱে, চুবুৰীয়ে চুবুৰীয়ে গৈ ১৮ বছৰৰ উৰ্দ্ধৰ সকলোকে ক'ভিড প্ৰতিষেধক দিয়াৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই উপলক্ষে ইতিমধ্যে নামনি অসমৰ তিনিখন জিলাত এই অভিযান মুকলি কৰাৰ পিছত  সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উজনি অসমৰ তিনিখন জিলা ক্ৰমে যোৰহাট, শিৱসাগৰ আৰু মাজুলীৰ বাবে এই সেৱা মুকলি কৰে। 

পুৱা ১০ বজাত যোৰহাটৰ আই এছ বি টি ৰ বাছ আস্থানত এই অনুষ্ঠান আজি সম্পন্ন হয়। জনপ্ৰিয় ঘোষিকা প্ৰেৰণা বৰদলৈয়ে আঁতধৰা এই অনুষ্ঠানতেই স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে তিনিও খন জিলাৰ বাবে ১৫ খন "মোবাইল ভেকচিনেচন ভেন"ৰ ফ্লেগ অফ কৰে।

আজিৰ অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত আছিল ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, টিয়ক সমষ্টিৰ বিধায়ীকা ৰেণুপমা ৰাজখোৱা,যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন,অসম পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক ৰাহুল দাস,স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ সঞ্চালক মুনিন্দ্ৰ নাথ নাতে আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰত্ন তালুকদাৰ। 

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আজি পুৱা ৯ বজাত যোৰহাটৰ নিমাটি ঘাটত উপস্থিত হৈ ১০৮ নৌকা সেৱাৰ বুজ লয়।

No comments