Breaking News

কাইলৈ গোলাঘাট জিলাৰ ১১৮ টা ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত প্ৰদান কৰা হ'ব ২৮,৩৫০ পালি প্ৰতিষেধক



 গোলাঘাট:  কাইলৈ ৰাজ্যজুৰি হ'বলগীয়া ক'ভিড প্ৰতিষেধক প্ৰদানৰ বিশাল অভিযানৰ বাবে গোলাঘাট জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে । জিলাখনৰ বিভিন্ন ঠাইত কাইলৈ মুঠ ১১৮ টা ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত ২৮,৩৫০ পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷ ইয়াৰে মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ১৪টা কেন্দ্ৰ, চাৰিঙিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ১২টা, মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ২০টা, কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ২০টা, বোকাখাত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ১৩টা, সৰুপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৩৪টা আৰু গোলাঘাট নগৰৰ পাঁচটা কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হ'ব । যোৱা ২১,২২ আৰু ২৩ জুনত ক'ভিশ্বিল্ডৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলক কাইলৈ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে ।

No comments