Breaking News

কাইলৈ গোলাঘাটত জিলাত হ’বলগা বিশাল প্ৰতিষেধক প্ৰদান কাৰ্যসূচী প্ৰস্তুতিৰ বুজ লয় খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব দেৱজ্যোতি দত্তই



ডিজিটেল সংবাদ, গোলাঘাটঃ  গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি নিশা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব দেৱজ্যোতি দত্তই গোলাঘাট জিলাত কাইলৈ হ'বলগীয়া বিশাল প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয় । তেওঁ এই কাৰ্যসূচীৰ সফল ৰূপায়ন সুনিশ্চিত কৰাৰ বাবে ইয়াৰ সৈতে জড়িত বিভিন্ন দিশ পৰ্যালোচনা কৰে । বৈঠকত অতিৰিক্ত উপায়ুক্ত  কুলদ্বীপ হাজৰিকা আৰু পল্লৱী গগৈ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, চক্ৰ বিষয়াসকল আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে।


No comments