Breaking News

বোকাখাতত নৱ্য নাট্যকৰ্মীৰ উদ্যোগত অমৰ শৰ্মাৰ নাটক "বনচাই"ৰ মহুৰত

অজন্তা তালুকদাৰ, বোকাখাতঃ নৱ্য নাট্যকৰ্মী, বোকাখাতৰ নিবেদনত নাট্যগোষ্ঠীটোৰ উদ্যোগত সোমবাৰে বোকাখাত পুৱতি সাহিত্য সভা ভৱনত বিশিষ্ট কবি-নাট্যকাৰ-সাংবাদিক অমৰ শৰ্মাৰ 'বনচাই' একাংকিকা নাটৰ শুভ মহুৰৎ সম্পন্ন হৈ যায়। নাট্যগোষ্ঠীটোৰ সম্পাদক তথা উদীয়মান যুৱ নাট্যকৰ্মী দীপ ঠাকুৰীয়াই আঁত ধৰা মহুৰৎ অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে প্ৰবীণ নাট্যকৰ্মী অমৰ কাকতিয়ে, নাৰিকল ভাঙি শুভাৰম্ভ কৰে নাটকখনৰ নাট্যকাৰ অমৰ শৰ্মাই আৰু নাটকখনি উন্মোচন কৰি মহুৰৎ সম্পন্ন কৰে বিশিষ্ট নাট্যকৰ্মী, বোকাখাত 'ৰূপজ্যোতি সংঘ'ৰ সভাপতি বিপুল কলিতাই। 

একাংক নাটখনিৰ পৰিচালনা কৰিব নৱ্য নাট্যগোষ্ঠী, বোকাখাতৰ সভাপতি তথা প্ৰতিশ্ৰুতি সম্পন্ন যুৱ নাট পৰিচালক, নাট্যকৰ্মী ৰাতুল ফুকনে। উল্লেখ্য যে, বিগত দুবছৰে সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যবাসীয়েও ভুগি থকা কভিড সৃষ্ট সময়ৰ দুঃভাৱনাক প্ৰত্যাহ্বান জনাই ৰাজ্যখনত পুনৰ একাংক নাট প্ৰতিযোগিতাৰ আয়োজনৰ প্ৰস্তুতি আৰম্ভ হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে 'বনচাই'ত অভিনয় কৰিব সাংবাদিক, নাট্যকৰ্মী অজন্তা তালুকদাৰ, প্ৰিয়াংশু প্ৰাঞ্জল, দীপ ঠাকুৰীয়া, লক্ষ্যপ্ৰাণ বৰা আৰু অনিন্দিতা ভৰদ্বাজে। 

এই অনুষ্ঠানত অমৰ কাকতি, অমৰ শৰ্মা, ৰাতুল ফুকনে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত আৰু উপস্থিত থাকে মাইনু কটকী, বিজু ফুকন, বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ শইকীয়া আদি।

No comments