Breaking News

বৰপথাৰত অতিমাত্রা ড্ৰাগছ সেৱন কৰি ছাত্রৰ মৃত্যু

মাধুৰ্য কোঁৱৰ,ধনশিৰিঃ দুৰ্গা পূজাৰ  মাজতেই  বৰপথাৰত নিষিদ্ধ ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ  মৃত্যু। অতিমাত্ৰা ড্ৰাগছ সেৱনৰ ফলত মৃত্যু হয়  অবিনাশ ফুকন নামৰ ছাত্ৰজনৰ। বৰপথাৰৰ ধনশিৰি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান কেন্দ্ৰৰ ছাত্ৰ আছিল অবিনাশ ফুকন।সপ্তমীৰ নিশা প্ৰায় ১১ মান বজাত সংঘটিত হয় এই চাঞ্চ্যলকৰ ঘটনা।ড্ৰাগছৰ ঘাটিলৈ এতিয়া  পৰিণত হৈছে গোলাঘাট জিলাৰ সমগ্ৰ বৰপথাৰ অঞ্চল।  

বৰপথাৰ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই  নিতৌ  অঞ্চলটোত  বৃদ্ধি পাইছে নিষিদ্ধ আৰু মাৰাত্মক  ড্ৰাগছ আসক্ত যুৱকৰ সংখ্যা।ঘটনাৰ বিৱৰণী  অনুসৰি বৰপথাৰ নগৰৰ  গেলাবিল তিনি আলিৰ কিছু সমীপত ৰাস্তাৰ কাষতে নিশা প্ৰায় ৯:৩০ মান বজাত মটৰ চাইকেলত থকা পাঁচ জন যুৱকৰ সৈতে ড্ৰাগছ সেৱন কৰিছিল  মৃত অবিনাশ ফুকনে। বৰপথাৰ নগৰৰ মাজমজিয়াত ৰাজহুৱা স্থানত এনেদৰে মাৰাত্মক আৰু নিষিদ্ধ ড্ৰাগছ সেৱন কৰি  ছাত্ৰৰ মৃত্যু হোৱা  ঘটনাই এতিয়া  বৰপথাৰ আৰক্ষীৰ ফোপোলা স্বৰূপটো উদঙাই দিছে। 

উল্লেখ্যোগ্য যে,  দীৰ্ঘদিনৰ পৰা ড্ৰাগছ আসক্ত আছিল ছাত্ৰজন। বৰপথাৰৰ বিভিন্ন  দল সংগঠনৰ লগতে স্থানীয় ৰাইজে এই ঘটনাৰ লগত জড়িতসকলক  অতি শীঘ্ৰেই কঠোৰ বিহিত ব্যৱস্থা ল'বলৈ আৰু ভয়ানক ড্ৰাগছৰ কবলৰ পৰা সমগ্ৰ  বৰপথাৰখন মুক্ত কৰিবলৈ দাবী জনাইছে।

No comments