গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিশিষ্ট প্ৰকৃতিপ্ৰেমী গৌতম উজীৰ দেহাৱসান
ডিজিটেল সংবাদঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, বিশিষ্ট প্ৰকৃতিপ্ৰেমী গৌতম উজীৰৰ মঙলবাৰে আকস্মিক মৃত্যু ঘটে। গুৱাহাটী উজানবজাৰৰ নিবাসী জনপ্রিয় অধিবক্তা গৌতম উজীৰে বিগত ৩৫ বছৰ ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত নিষ্ঠাৰে অধিবক্তাৰ দায়িত্ব পালন কৰি আহিছিল। মৃত্যুৰ সময়ত উজীৰৰ বয়স প্ৰায় ৭০ বছৰ আছিল। তেওঁ মৃত্যুৰ সময়ত পত্নী,দুগৰাকী কন্যা আৰু বহু আত্মীয় স্বজনক এৰি থৈ যায়। ৰাজ্যখনত হাতী-মানুহৰ সংঘাতকে ধৰি পৰিৱেশ সম্পর্কত কেইবাটাও ৰাজহুৱা স্বাৰ্থজড়িত মোকৰ্দমাত দক্ষতাৰে জয় লাভ কৰিছিল। ২০০২ চনৰ নগা চোৰাং চিকাৰীৰ বিৰুদ্ধে অসম চৰকাৰে দুয়োখন ৰাজ্যৰ সম্প্ৰীতিৰ কথা কৈ এটা ফৌজদাৰী মোকৰ্দমা আদালতৰ পৰা উঠাই দিয়াত বিশিষ্ট পৰিৱেশ কৰ্মী অপূর্ব বল্লভ গোস্বামীৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰি ২০০৬ চনত মোকৰ্দমাটোত জয় লাভ কৰিছিল। তেওঁৰ মৃত্যুত উজানবজাৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। তেওঁৰ নশ্বৰদেহ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়।
 
 
 
 
 
No comments