Breaking News

গোলাঘাট জিলাৰ হাতী মানুহৰ সংঘাত এলেকা জামুগুৰিত আৰণ্যকৰ সজাগতা সভা

ডিজিটেল সংবাদ,গোলাঘাটঃ ৰাজ্যৰ ভিতৰত গোলাঘাট জিলাতেই হাতী মানুহৰ সংঘাত সৰ্বাধিক ৷ পথাৰত ধানে গেৰ ধৰাৰ সময়তেই এই সংঘাতে ক্ৰমে জটিল ৰূপ ধাৰণ কৰিছে ৷ জিলাখনৰ নামবৰ অভয়াৰণ্যৰ সমীপৰ জামুগুৰি অঞ্চলত বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত নিয়ন্ত্ৰনৰ বাবে ৰাজ্যৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকে দেওবাৰৰ দিনা জামুগুৰি আৰক্ষী থানাত অঞ্চলটোৰ গাওঁৰক্ষী বাহিনী সকলৰ মাজতে এই সংঘাত নিয়ন্ত্ৰনৰ বাবে এক সজাগতা সৃষ্টিৰ লগতে টৰ্চ লাইট আৰু মাক্স বিতৰণ কৰে ৷ আৰণ্যকৰ হাতী সংৰক্ষণ আৰু গৱেষণা বিভাগ আৰু সংৰক্ষণ আৰু জীৱিকা বিভাগৰ উদ্যোগত গোলাঘাট জিলা আৰক্ষীৰ সহযোগত দেওবাৰৰ দিনা জামুগুৰিত এই সজাগতা অনুষ্ঠান আয়োজিত হয়  ৷ 

অনুষ্ঠানত গোলাঘাটৰ আৰক্ষী অধীক্ষক সুমন শৰ্মা,অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত, জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবীন কলিতা আৰু গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক কমল হাজৰিকাৰ লগতে জামুগুৰি অঞ্চলৰ বিভিন্ন গাওঁৰ গাওঁৰক্ষী বাহিনীৰ মুঠ ৫০ গৰাকী সদস্যৰ লগতে বিষয়ববীয়াও অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত আৰণ্যকৰ জেষ্ঠ প্ৰৱন্ধক মানস ভট্টচাৰ্য আৰু সমন্বয়ক নিৰঞ্জন ভূঞাই উপস্থিত গাওঁৰক্ষী বাহিনীৰ সদস্য সকলৰ মাজত ৪০ টা টৰ্চ লাইট আৰু মাক্স বিতৰণ কৰে। 

পথাৰৰ ধান পকাৰ প্ৰাকক্ষণত গাওঁৰ কৃষকক সকাহ দিবৰ বাবেই আৰণ্যকৰ এই প্ৰচেষ্টা বুলি মন্তব্য কৰে মানস ভট্টচাৰ্যই ৷ আৰক্ষী অধীক্ষক সুমন শৰ্মা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতে আৰণ্যকৰ এই প্ৰচেষ্টাৰ শলাগ লৈ সংঘাত জৰ্জৰিত জামুগুৰি অঞ্চলৰ কৃষকক উপকৃত কৰিব বুলি মন্তব্য কৰে ৷

No comments