Breaking News

বৃহত্তৰ টেঙানিৰ ৪২ গাঁৱৰ সহযোগত গুৰু জনাৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তী-আয়োজন



মাধুৰ্য কোঁৱৰ, ধনশিৰিঃ বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ বৃহত্তৰ টেঙানি আঞ্চলিক ভিত্তিত নিমাতী বাঘ গাঁও নামঘৰত সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিকতাৰ এনাজৰীৰে এখন সুন্দৰ অসমীয়া সমাজ গঢ় দিয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক  জন্ম-জয়ন্তী অহা ২৭ আৰু ২৮ আহিন তাৰিখে ( ইংৰাজী ১৪ আৰু ১৫ অক্টোবৰ) আয়োজন কৰা হৈছে । বৃহত্তৰ টেঙানিৰ ৪২ গাঁৱৰ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্ম-জয়ন্তী উদযাপনৰ বাবে প্ৰেমানন্দ বৰুৱাক সভাপতি, দণ্ডিৰাম শইকীয়াক কাৰ্য্যকৰী সভাপতি, লীলা গগৈক সাংস্কৃতিক সম্পাদক লগতে  বিতুল গগৈ আৰু ডম্বৰু শইকীয়াক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰিছে । উদযাপন সমিতিক সহায় আগবঢ়াব বৃহত্তৰ টেঙানি নামঘৰ আঞ্চলিক সমিতি, টেঙানি যুৱ সেৱা সমিতি আৰু নিমাতী বাঘ গাঁও নামঘৰ পৰিচালনা সমিতিয়ে। গুৰু জনাৰ জন্ম-জয়ন্তীৰ লগত সংগতি ৰাখি দশঅৱাতাৰ নৃত্য প্ৰতিযোগিতা, বৰগীত, দিহানাম লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা, চিত্ৰাংকণ আৰু  কুইজ প্ৰতিযোগিতা, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আদি অনুষ্ঠিত হব। জন্ম- জয়ন্তীৰ কাৰ্যসূচীৰ অংশ হিচাপে ইংৰাজী ১৪ অক্টোবৰৰ পুৱা ক্ষেত্ৰ নিকাকৰণ, বন্তি প্ৰজ্বলন আৰু  সমূহীয়া  প্ৰাৰ্থনাৰ অন্তত পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ, কুইজ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হব। প্ৰতিযোগিতাৰ উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক অংঠুং শ্যামে । সেইদিনাই সন্ধ্যা পাঁচ বজাত বন্তি প্ৰজ্বলনৰ পাছত সন্ধ্যা ছয় বজাত ভাগৱত প্ৰতিষ্ঠা আৰু সাত বজাত নাম প্ৰসংগ অনুষ্ঠিত হব। ইংৰাজী ১৫ অক্টোবৰ তাৰিখে  পুৱা প্ৰসংগেৰে আৰম্ভ হ'ব  দ্বিতীয় দিনাৰ কাৰ্যসূচী। ইয়াৰ পাছতে পুৱা সাত বজাত ভকত বৈষ্ণৱক আদৰণি আৰু পুৱা  ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব বৃহত্তৰ টেঙানি আঞ্চলিক  শংকৰ জন্মোৎসৱ পৰিচালনা সমিতিৰ সভাপতি মিনেশ্বৰ শইকীয়াই।  ইয়াৰ পাছতে স্মৃতি তৰ্পণ,  পুৱা ৯ বজাত বৃক্ষ ৰোপণ আৰু পুৱা ১০ বজাৰ পৰা ভাগৱত ভ্ৰমণ আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব। সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰিব আহতগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰকাশ কোঁৱৰে। পুৱা ১১ বজাত নাম প্ৰসংগৰ পাছত দুপৰীয়া ১২ বজাৰ পৰা অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক প্ৰফুল্ল শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হ'ব লগা ধৰ্মালোচনী সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব বৰজান বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰজত কাকতি। " বৰ্তমান সময়ত যুৱক-যুৱতীৰ মাজত আধ্যাত্মিকতাৰ প্ৰাসংগিকতা " বিষয়ৰ ওপৰত হবলগা ধৰ্মালোচনী সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা, জ্যেষ্ঠ সাংবাদিক তথা গোলাঘাট জিলা সাংবাদিক সন্থাৰ উপদেষ্টা সোনাৰাম ভৰালী, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামী, বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পঞ্চম আমচি, পঞ্চিম বৰপথাৰ পাওঁ পঞ্চায়তৰ সমানেত্ৰী তৃষ্ণা কোঁৱৰ ফুকনৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে । ইফালে এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে। ধৰ্মালোচনী সভাৰ সমাপ্তিৰ পাছতে সন্ধ্যা ৫ বজাত সন্ধ্যা প্ৰসংগ আৰু ৬ বজাৰ পৰা বৰপথাৰ মহাবিদ্যালয়ৰ প্ৰবক্তা বিতুল কলিতাৰ সঞ্চালনাত অনুষ্ঠিত হব লগা  দিহানাম, বৰগীত আৰু দশঅৱাতাৰ নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰা হব স্থানীয় শিল্পীৰ দ্বাৰা সমূহীয়া কৃষ্ণ নৃত্য প্ৰদৰ্শনেৰ। উদযাপন সমিতিৰ তৰফৰ পৰা গুৰুজনাৰ জন্ম-জয়ন্তী উদযাপনৰ বাবে সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে। আনহাতে প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিবৰ বাবে ইচ্ছুক সকলে 9101384849 নতুবা  8011809596  এই দুটা নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদযাপন সমিতিয়ে জনাইছে ।

No comments