Breaking News

সাংবাদিক বুবুল দত্তলৈ "সংবাদ জ্যোতি বঁটাঃ



অজন্তা তালুকদাৰ, বোকাখাত,: "অসমীয়া খবৰ" ৰ বোকাখাতস্থিত সাংবাদিক বুবুল দত্তক প্ৰদান কৰা হৈছে  "সংবাদ জ্যোতি" বঁটা। "সমগ্র শিক্ষাৰ সৌজন্য"ত কুমাৰণি আটি প্ৰাথমিক  বিদ্যালয়, বোকাখাতৰ উদ্যোগত প্ৰদান কৰা এই বঁটা প্ৰাপক বুবুল দত্ত ১৯৮৩ ৰ পৰা প্ৰায় ৩৯ বছৰ সংবাদ সেৱাৰ লগত জড়িত হৈ আছে। "অসমীয়া খবৰ"ৰ কাকতত সংবাদদাতা ৰূপে জন্ম লগ্নৰ পৰা সেৱা আগবঢ়াই থকা দত্ত শতাধিক আলোচনী, অভিনন্দন গ্ৰন্থৰ সম্পাদনাৰ লগতো জড়িত। বৰ্তমান বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই ইতিমধ্যে জিলা আৰু ৰাজ্যিক পৰ্যায়ত কেবাটাও শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা লাভ কৰিছে।অৱসৰ প্ৰাপ্ত শিক্ষক দত্তই কৃতী শিক্ষকৰ বঁটাৰ লগতে ডব্লিউ ডব্লিউ এফৰ দ্বাৰা  সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল।বোকাখাতৰ সমাজ জীৱনলৈ প্ৰচূৰ অৱদান থকা দত্তৰ দুখনকৈ অভিনন্দন গ্ৰন্থও ইতিপূৰ্বে 'কাজিৰঙা নিইজ নেটৱৰ্ক' আৰু 'বোকাখাত মহকুমা সাংবাদিক সংস্থা'ই প্ৰকাশ কৰি উলিয়াইছিল।

No comments