Breaking News

মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰ সৈতে অসম-মেঘালয়ৰ সীমান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ


সীমান্ত অঞ্চলৰ বাসিন্দাৰ মতামত গ্ৰহণ কৰিলে দুইখন ৰাজ্যৰ মন্ত্ৰী-বিধায়ক তথা বিষয়াৰ গোটেসীমাক লৈ সংঘাত কোনেও নিবিচাৰে, আলোচনাৰ মাজেৰে নোহোৱা কৰিব পৰা যাব অসম মেঘালয়ৰ সীমা সংক্ৰান্তীয় পাৰ্থক্য: মন্ত্ৰী পীযুষ হাজৰীকা  




দিছপুৰ, অক্টোবৰ : অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই আজি বিধায়ক অতুল বৰা, কামৰূপ মেট্ৰ’ জিলাৰ উপায়ুক্ত আৰু উচ্চপদস্থ বিষয়াসকলক লগত লৈ মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেষ্টেন টিনচং আৰু ৰাজ্যখনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে কামৰূপ মেট্ৰ’ জিলাৰ অন্তৰ্গত অসম-মেঘালয়ৰ বিবাদমান সীমান্ত অঞ্চল ভ্ৰমণ কৰে আৰু স্থানীয় বাসিন্দাসকলৰ মতামত গ্ৰহণ কৰে | অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই শেহতীয়াকৈ শ্বিলঙত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰে এক আলোচনা কৰি অহাৰ পাছত উক্ত বৈঠকৰ সিদ্ধান্ত অনুসৰিয়েই দুইখন ৰাজ্যৰ মন্ত্ৰী-বিধায়ক তথা বিষয়াৰ গোটে আজি বৰপথাৰ, পিলিংকতা, ২ নং খানাপাৰা, মাইখুলি, দক্ষিণ গণেশনগৰ, পাটৰকুচী আদি সীমান্ত অঞ্চল পৰিভ্ৰমণ কৰি স্থানীয় নাগৰিকৰ সৈতে মত বিনিময় কৰে |  অসম মেঘালয়ৰ প্ৰত্যেক গৰাকী বাসিন্দাক ভাই ককাই বুলি উল্লেখ কৰি মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই কয় যে সীমান্তক লৈ ৰাজ্য দুখনৰ চৰকাৰে কোনো পধ্যেই সংঘাত সৃষ্টি হোৱাটো নিবিচাৰে আৰু তাৰ বাবেই দুইখন ৰাজ্যৰ মন্ত্ৰী-বিধায়ক তথা বিষয়াৰ গোটে যুটীয়াভাৱে আজি সীমান্ত অঞ্চলত স্থানীয় বাসিন্দাৰ মনৰ বুজ লবলৈ আহিছে | আনহাতে মানুহৰ মনৰ বুজ লোৱাৰ লগতে প্ৰশাসনীয় সুবিধা, উন্নয়ন আদি কেইবাটাও দিশ পৰ্যবেক্ষণ কৰি ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীক এক প্ৰতিবেদন দাখিল কৰিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে স্থায়ী সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুজনেহে চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব | আজি পৰিদৰ্শন কৰা অঞ্চলকেইটাত বহুত বেছি একো সীমা সংক্ৰান্তীয় সমস্যা অথবা পাৰ্থক্য নাই বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে এই পাৰ্থক্যখিনি ভালদৰে আলোচনা কৰিলেই এটা সিদ্ধান্তত উপনীত হ’ব পৰা যাব আৰু দুয়োখন চৰকাৰে এটা স্থায়ী সমাধান কৰিবলৈ সক্ষম হ’ব |

আজিৰ ৰাজ্য দুখনৰ উচ্চ পৰ্যায়ৰ যুটীয়া পৰিদৰ্শনত মেঘালয় চৰকাৰক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী প্ৰেষ্টেন টিনচঙে পৰিদৰ্শনৰ অন্তত উপস্থিত সাংবাদিকৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে দিনটোত এনেদৰে অসমৰ এজন কেবিনেট মন্ত্ৰীৰ সৈতে সীমান্ত অঞ্চল পৰিদৰ্শন কৰি তেওঁ অত্যন্ত সুখী আৰু এই ক্ষেত্ৰত তেঁও অসম চৰকাৰৰ লগতে মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাক কৃতজ্ঞতা প্ৰকাশ কৰে | আনহাতে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত সীমা অঞ্চল এনেদৰে পৰিদৰ্শন কৰাটো খুবেই গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে আৰু এবাৰ আন এটা সীমা অঞ্চল পৰিদৰ্শন কৰি তেঁওলোকে প্ৰতিবেদন দাখিল কৰিব আৰু ইয়াৰ ওপৰত ভিত্তি কৰি চুড়ান্ত সিদ্ধান্ত ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে গ্ৰহণ কৰিব |

 উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধীস্থিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যবোৰৰ সৈতে থকা সীমা সমস্যাৰ সমাধানত প্ৰাধান্য দি আলোচনাৰ মাজেৰে এই সমস্যা সমাধানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে | এই অনুসৰিয়েই শেহতীয়াকৈ কেবিনেট মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ শ্ৰী পীযুষ হাজৰীকাৰ অধ্যক্ষতাত স্থানীয় বিধায়ক, জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তক লৈ মেঘালয়ৰ ৰি-ভই জিলাৰ সৈতে থকা অসমৰ সীমা পাৰ্থক্য সমাধানৰ বাবে এখন বিশেষ সমিতি গঠন কৰি দিয়া হৈছিল | সমিতিখন গঠন কৰাৰ পাছতে মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাৰ নেতৃত্বত সমিতিৰ সদস্যসকলে বিগত ৪ অক্টোবৰত মেঘালয়ৰ শ্বিলঙত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হৈছিল আৰু মুখ্যমন্ত্ৰী শ্ৰী কনৰাড চাংমাকো সৌহাদ্যমূলক সাক্ষাত কৰিছিল | আনহাতে আজি সীমান্ত অঞ্চল পৰিদৰ্শন কৰাৰ বাবে কালিয়েই (শুকুৰবাৰে) গুৱাহাটীত উপস্থিত হোৱা মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেষ্টেন টিনচঙ, বিধায়ক আৰু উচ্চ পদস্থ বিষয়াসকলৰ সৈতে সন্ধ্যা ৭ বজাত আন এখন বিশেষ বৈঠকত মিলিত হৈছিল মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকা | মন্ত্ৰী গৰাকীয়ে আজিৰ সীমান্ত অঞ্চল পৰিদৰ্শনৰ অন্তত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী দুগৰাকীক বিশেষভাৱে কৃতজ্ঞতা জনোৱাৰ লগতে পৰিদৰ্শনকালত উপস্থিত থকা ৰাজ্য দুখনৰ মন্ত্ৰী-বিধায়ক তথা বিষয়াসকলকো ধন্যবাদ প্ৰদান কৰে আৰু আশা কৰে যে দীৰ্ঘদিন ধৰি চলি থকা সীমা পাৰ্থক্য আলোচনাৰ মাজেৰে অতি সোনকালেই নোহোৱা কৰিব পৰা যাব |

No comments