Breaking News

বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী জগত শইকীয়াৰ দেহাৱসানঃ



অজন্তা তালুকদাৰ,বোকাখাত: বোকাখাতৰ ৰজাবাৰীৰ বিশিষ্ট নাগৰিক, শিক্ষাবিদ, সমাজ কৰ্মী, ৰজাবাৰী হাই স্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক জগত শইকীয়া(৮২)ৰ আজি দেহাৱসান ঘটে।  বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ নিজ গৃহত আজি দিনৰ ২-৪৫ বজাত ইহ সংসাৰৰ পৰা মেলানি মাগিলে ।আধুনিক কুৰুৱাবাহীৰ স্বপ্নদ্ৰষ্টা সকলৰ অন্যতম শইকীয়া, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ এগৰাকী একনিষ্ঠ সংগঠকৰ লগতে দীৰ্ঘদিন ধৰি পাৰ্টিৰ স্থানীয় বিষয় বাবও পালন কৰিছিল। বোকাখাত তথা কুৰুৱাবাহীৰ সমবায় আন্দোলনৰ অংশীদাৰ শইকীয়া কুৰুৱাবাহী খহনীয়া প্ৰতিৰোধ আন্দোলনৰো নেতৃত্ব বহন কৰিছিল। অৱসৰ গ্ৰহণৰ পাছৰে পৰা সামাজিক কাম কাজত আগ ভাগ লৈ অহা প্ৰয়াত গৰাকী সুদীৰ্ঘ দিন ধৰি ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।অসম সাহিত্য সভাৰ আজীৱন সদস্য, ৰজাবাৰী অংকুৰণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শইকীয়াৰ দেহাৱসানৰ খবৰ বিয়পি পৰাৰ লগে লগে তেখেতৰ ঘৰত গুণমুগ্ধৰ সমাগম হয়। অংকুৰণ শাখা সাহিত্য সভাই সভাৰ পতাকা মৃতদেহত অৰ্পন কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মাধৱপুৰ নামঘৰ, ভাৰতৰ কমিউনিষ্ট পাৰ্টি,ৰজাবাৰী হাইস্কুল, বোকাখাত মহকুমা সাংবাদিক সংস্থা, মহকুমা পালনাম সমিতি,ৰজাবাৰী খতিয়াখলি নামঘৰ,পুৰণা খতিয়াখলি নামঘৰ, বোকাখাত শিক্ষক সন্মিলনী, ৰজাবাৰী প্ৰাথমিক বিদ্যালয়, ৰজাবাৰী নাট্য গোষ্ঠী, পৰঙণীয়া হাইস্কুল, শংকৰদে শিশু নিকেতন ৰজাবাৰী, মিলন প্ৰাথমিক নামঘৰ, আলোক সন্ধানী শিল্পী সমাজ, পুৱতি সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলিজ জনোৱাৰ লগতে গভিৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পত্নী, দুই পুত্ৰ, পুত্ৰবধু , নাতি নাতিনীক এৰি থৈ গৈছে।

No comments