Breaking News

বন্যহস্তীৰ গচকত প্ৰাণ গ'ল যুৱতীৰ

ডিজিটেল সংবাদ,নুমলীগড়ঃ নুমলীগড়ৰ মৰঙি চাহ বাগিচাত পুৱাই কৰুণ ঘটনা ৷ প্ৰাতঃকৰ্ম সমাপন কৰি থাকোতেই বনৰীয়া হাতীয়ে আক্ৰমণ কৰে জ্যোতি তাঁতী নামৰ ২২ বছৰীয়া এগৰাকী যুৱতীক ৷ হাতীৰ গচকত থিতাতে মৃত্যু হয় যুৱতী গৰাকীৰ ৷ যুৱতী গৰাকী বাগিচাখনৰ বাহঁবাৰী লাইনৰ উপেন তাঁতীৰ কন্যা ৷ 

ঘটনাটোক কেন্দ্ৰকৰি বাগিচাখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ লগতে বাগিচাৰ কামকাজ বন্ধ কৰি প্ৰশাসনক ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে ৷ উল্লেখযোগ্য যে,চলিত বৰ্ষত ১১ জনকৈ লোকে হাতীৰ আক্ৰমণত মৃত্যুবৰণ কৰিছে ৷

No comments