Breaking News

ভূ-মাফিয়াৰ বিৰুদ্ধে প্ৰশংসনীয় পদক্ষেপক আদৰণি


ৰবীন মৰাণ,পেঙেৰীঃ ন্যায় প্ৰদানৰ পৰিৱৰ্তে দমন-লুণ্ঠন, ভয়-ভাবুকি,চল-চাতুৰীৰে গাঁওবাসীক চূড়ান্তভাৱে প্ৰতাৰণা কৰি যোৱা ৯ অক্টোবৰ তাৰিখৰ পৰা ৰঙাঘৰৰ আলহী হৈ থকা ডিগবৈৰ বৰবিলৰ চৰকাৰী গাঁওবুঢ়া কৃষ্ণ মাহাতুৰ লগতে তেওঁৰ অপকৰ্মৰ সাৰথি দিলীপ কুৰ্মীৰ বিৰুদ্ধে উপৰ্যুপৰি গোচৰ পঞ্জীভূক্ত হৈছে ডিগবৈ থানাত। তাৰ ভিতৰত ২ নং বৰবিলৰ নিৱাসী বিছৰাম গড়ৰ পত্নী অঞ্জলি গড়ে যোৱা ১৮ অক্টোবৰ, ২০২১ তাৰিখে দাখিল কৰা এজাহাৰখনো অন্যতম। উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬/ ৪৬৮/ ৪৭১/ ৪৪৭/ ২৯৪/ ৪২৭ ধাৰাৰ অধীনত ডিগবৈ থানাত ৩৩৪/২১ নম্বৰত এক গোচৰ ৰুজু কৰিছে। অঞ্জলিৰ এজাহাৰ অনুসৰি ২ নং বৰবিলৰ নিৱাসী অঞ্জলি গড়ৰ ভোগ দখলত থকা ম্যাদী পট্টা নং ৫ ৰ ১৫৭ নং দাগৰ প্ৰায় এবিঘা কালিৰ মাটিখিনি গাঁওবুঢ়া কৃষ্ণ মাহতু আৰু তেওঁৰ সতীৰ্থ দিলীপ কুৰ্মীয়ে ভয়-ভাবুকিৰে কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে। 

অভিযোগ মতে দুই ভূ-মাফিয়াসহ এটা দুষ্কৃতিকাৰীৰ দলে যোৱা ২৫ অক্টোবৰ, ২০১৯ তাৰিখে তেওঁৰ বাসগৃহত অনধিকাৰ প্ৰৱেশ কৰি তেওঁৰ মৃত শহুৰেকৰ পুৰণা ঘৰটো ভাঙি পেলালে। কেৱল সিমানেই নহয়, জোৰ-জুলুম কৰি প্ৰৱেশ কৰা দলটোৱে তাৎক্ষণিকভাৱে বাঁহ আৰু টিনৰ ঘৰ সাজি অঞ্জলিৰ ভূমিখণ্ডৰ দখলিস্বত্ব সাব্যস্তও কৰে। অভিযোগ মতে সেইখিনি সময়ত অঞ্জলিৰ হাত-ভৰি বান্ধি ডিঙিত চোকা অস্ত্ৰ লগাই হৈ হাল্লা নকৰিবলৈ ভাবুকি প্ৰদান কৰিছিল। অন্যথা কেৰাচিন ঢালি জ্বলাই দিয়াৰো হুমকি দিছিল, যাৰ বাবে উক্ত ঘটনাৰ পৰৱৰ্ত্তী কালত অঞ্জলিয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক অভিযোগ দিবলৈ সাহস গোটাব পৰা নাছিল। উল্লেখ্য যে যোৱা ৯ অক্টোবৰ তাৰিখে এখন কাকতত গাঁওবুঢ়া মাহাতুৰ কু-কৃতী সম্পৰ্কীয় এক বিস্তৃত প্ৰতিৱেদন প্ৰকাশ পাইছিল। 

বাতৰিটো প্ৰকাশৰ পাছতে এগৰাকী ভূক্তভোগী যুধীষ্ঠীৰ মাঝি (পিতা প্ৰয়াত যুৱৰাজ মাঝি)- এ দাখিল কৰা এজাহাৰৰ ভিত্তিত ইতিমধ্যে তৎপৰ হৈ পৰা আৰক্ষী প্ৰশাসনে উক্ত দিনা সন্ধিয়াই ঠগ, প্ৰৱঞ্চক তথা ভূ-মাফিয়াৰ ৰূপত অৱৰ্ত্তীণ হৈ বহু দৰিদ্ৰ পৰিয়ালক সৰ্বস্বান্ত কৰা ১, ২ আৰু ৩ নং বৰবিলৰ চৰকাৰী গাঁওবুঢ়াজনক গ্ৰেপ্তাৰ কৰে। যুধীষ্ঠীৰৰ অভিযোগ অনুসৰি তেওঁৰ ম্যাদী পট্টা  নং ২৯ ৰ ৩০৩/৩০৪ নং দাগৰ মাটিখিনিৰ সকলো নথি-পত্ৰ গাঁওবুঢ়া কৃষ্ণ মাহাতুয়ে আত্মসাৎ কৰি ৰাখিছে। পৈতৃক সম্পত্তিৰ নথি-পত্ৰৰ আশাত যুধীষ্ঠীৰে দুবছৰ কাল গাঁওবুঢ়া মাহাতুৰ ঘৰত হালোৱাও খাতিছিল। তাৰ পাছত গাঁ‌ওবুঢ়াই মাৰপিট কৰি যুধীষ্ঠীৰক খেদি পঠায়। 

যুধীষ্ঠীৰৰ উক্ত গোচৰৰ  ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৬৮/ ৪৭১/ ৪০৬/ ৩২৩/ ১২০(বি) ধাৰাৰ অধীনত ডিগবৈ থানাত ৩১৪/২১ নম্বৰত এক গোচৰ ৰুজু কৰি ঠগ-প্ৰৱঞ্চক চৰকাৰী গাঁওবুঢ়া কৃষ্ণ মাহাতুক গ্ৰেপ্তাৰ কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰে। প্ৰৱঞ্চক গাঁওবুঢ়াজনৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাত আৰক্ষী প্ৰশাসনৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছে ভুক্তভোগী ৰাইজে। 

দীৰ্ঘদিনীয়া এক সমস্যা সমাধান কৰাৰ আনন্দত উক্ত তিনিওখন গাঁৱৰ ৰাইজৰ হৈ এটা প্ৰতিনিধিৰ দলে স্থানীয় বিধায়ক সুৰেন ফুকন, মহকুমা আৰক্ষী বিষয়া (আই পি এছ) পাৰ্থপ্ৰতীম দাস আৰু ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক কৃতজ্ঞতাৰ চিন স্বৰূপে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অতি তাৎপৰ্যপূৰ্ণ কথা যে মাহাতুৰ গ্ৰেপ্তাৰৰ পৰৱৰ্তী পৰ্যায়তো ভুক্তভোগীবিশেষে থানাত উপস্থিত হৈ চৰকাৰী গাঁওবুঢ়াজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে।

No comments