Breaking News

ড° বিনয় শইকীয়াক ডি আৰ কলেজত সম্বৰ্ধনা


গোলাঘাট: সঠিকভাবে জীৱনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি লোৱাৰ ওপৰতে জীৱনৰ সফলতা নিৰ্ভৰ কৰে ৷ কিন্তু কেৱল এটা মাত্ৰ লক্ষ্য লৈ আগবাঢ়ি গলে বহু সময়ত সফল নহলে হতাশা আহিব পাৰে ৷ সেইবাবে সদায় এটা বিকল্প লক্ষ্য জীৱনত থাকিব লাগে ৷ এই বৰ্ষৰ শান্তি স্বৰূপ ভাটনগৰ বঁটা বিজয়ী বিশিষ্ট বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াই গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত আয়োজিত এখন সম্বৰ্ধনা অনুষ্ঠানত ভাগলৈ ছাত্ৰছাত্ৰী সকলৰ উদেশ্যে এনেদৰে কয় ৷ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰছাত্ৰী কোষৰ উদ্যোগত আয়োজিত সভাখনত ভাগলৈ সাম্প্ৰতিক বিশ্বৰ বিজ্ঞান প্ৰযুক্তিৰ জগত খনৰ বিভিন্ন দিশ ব্যাখ্যা কৰে ৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পুতুল চন্দ্ৰ শইকীয়াই আদৰণি ভাষণত ভাৰতবৰ্ষৰ বিজ্ঞান প্ৰযুক্তি ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰই লাভ কৰাত গৌৰব অনুভৱ কৰে আৰু এই পুৰস্কাৰে মহাবিদ্যালয়ৰ সন্মান বৃদ্ধি কৰিলে ৷ সভাখনত বিশিষ্ট শিক্ষাবিদ ড° নৃপেন কুমাৰ বৰুৱা,  উপাধ্যক্ষ ড° জয়ন্ত বাৰুকিয়াল, প্ৰাক্তন ছাত্ৰছাত্ৰী কোষৰ সভাপতি দেৱজিৎ ফুকন, সম্পাদক ড° হেমন্ত শইকীয়া আমিয়ে অংশ লয় ৷ এই সভাত মহাবিদ্যালয় প্ৰশাসন, শিক্ষক সন্থা কৰ্মছাৰী সন্থা , ছাত্ৰ একতা সভা আছু গোট আদিয়ে বিশিষ্ট বিজ্ঞানী গৰাকীক সম্বৰ্ধনা জনায় ৷ সভাতে দেৱৰাজ ৰয় কলেজৰ প্ৰকাশন কোষৰ তৰফৰ পৰা প্ৰকাশ কৰা  Reflection নামেৰে এখন গবেষণা গ্ৰন্থ ড° বিনয় কুমাৰ শইকীয়াই উন্মোচন কৰে ৷

No comments