Breaking News

থাওৰাত উপস্থিত হয় নগাঁৱৰ মিকিৰ বামুণীৰ গ্ৰাণ্টৰ খিলঞ্জীয়া কৃষক সমাজৰ এটা প্ৰতিনিধি দল

 



ইশান কোচৰাজবংশী,নগাঁওঃ নগাঁৱৰ মিকিৰ বামুণীৰ গ্ৰাণ্টৰ খিলঞ্জীয়া কৃষক সমাজৰ এটা প্ৰতিনিধি দল কৃষক চিকাৰী ৰংপী, বৰসিং ক্ৰ' , ৰাজেন টিমুং , লক্ষীৰাম মাৰ্দী , ভাইটী বে , নগাঁৱৰ সাম্যবাদী নেতা তথা মিকিৰ বামুণীৰ কৃষকৰ ভূমিৰক্ষা সংগ্ৰাম খনৰ অন্যতম গুৰিধৰোতা ৰাতুল বৰা সহিতে এটা প্ৰতিনিধি দল নগাঁৱৰ পৰা আহি শিৱসাগৰৰ থাওৰাত উপস্থিত হয়।উজনিত বাহাৰ পাতি থকা সমাজকৰ্মী ইশান কোচৰাজবংশীও তেখেত লোকৰ লগত লগ হৈ যাত্ৰাত সহযোগ কৰে। থাওৰাত উপস্থিত হৈ তেখেতলোকে কৃষ্ণ গগৈৰ সমৰ্থনত কাম কৰি থকা চি পি আই দলৰ কৰ্মী সকলৰ দলগে কৃষ্ণ গগৈৰ সমৰ্থনত কাম কৰি অন্য বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিকো সাক্ষাৎ কৰে আৰু কৃষ্ণ গগৈৰ ওপৰত সমৰ্থন ব্যক্ত কৰি বহিৰাগত বনিয়াৰ পুঁজিপতি বনিয়াই একাংশ চৰকাৰী আদৰ্শপুষ্ট মাটিৰ দালাল,আমোলা বিষয়া প্ৰশাসনৰ সহযোগত যুগ যুগ ধৰি কৃষি কৰ্মৰে পেট প্ৰৱৰ্তাই অহা খেতি মাটি খিনি বেদখল কৰা কাৰ্যক বিস্তৃত ভাবে বৰ্ণনা কৰে। আৰু সকলোকে মিলিত হৈ সংগ্ৰামখন আগবঢ়াই নিবলৈ আহ্বান জনাই। অধিবক্তা কৃষ্ণ গগৈয়ে মিকিৰ বামুণীৰ ভূমিৰক্ষা সংগ্ৰাম খনৰ এজন সন্মুখ সমৰৰ নেতা হিচাপে  বৰ্তমানেও অব্যাহত থকা ন্যায্য অধিকাৰ প্ৰাপ্তি সংগ্ৰামখনত গণতান্ত্ৰিক প্ৰতিবাদৰ সমান্তৰালকৈ আইনী যুঁজৰ প্ৰতি আগবঢ়োৱা আৱদান কৃতজ্ঞতাৰে ব্যক্ত কৰি সমূহ থাওৰা বাসীক কৃষ্ণ গগৈৰ দৰে এটা বলিষ্ঠ ৰাইজৰ কণ্ঠক জয়যুক্ত কৰাই বিধান সভালৈ নিৰ্বাচিত কৰি পঠাব বুলি আশা ব্যক্ত কৰে ।

No comments