Breaking News

দাক্ষিণাত্যৰ কানাড়া ছবি জগতৰ জনপ্ৰিয় তাৰকা পুনীত ৰাজকুমাৰৰ মৃত্যু


সিদ্ধাৰ্থ সন্দিকৈঃ দাক্ষিণাত্যৰ কানাড়া ছবি জগতৰ জনপ্ৰিয় তাৰকা পুনীত ৰাজকুমাৰৰ মৃত্যু।হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ চেণ্ট্ৰেল বাংগালুৰুৰ এখন চিকিৎসালয়ত আজি মৃত্যু ঘটে আপ্পু আৰু পাৱাৰষ্টাৰ হিচাপে পৰিচিত পুনীত ৰাজকুমাৰৰ। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৪৬ বছৰ। শিশু শিল্পী হিচাপে দাক্ষিণাত্যৰ চলচ্চিত্ৰ জগতত খোজ পেলোৱা পুনীতে বহুসংখ্যক চুপাৰ হিট ছবি উপহাৰ দিবলৈ সক্ষম হৈছিল।  তেওঁ একেধাৰে এজন অভিনেতা,  গায়ক,  প্ৰযোজক আৰু টেলিভিছন শ্ব' প্ৰেজেণ্টাৰ আছিল।  জনপ্ৰিয় তাৰকাজনৰ আকস্মিক মৃত্যুত সমগ্ৰ দাক্ষিণাত্যৰ চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পৰা দেখা গৈছে।

No comments