Breaking News

চৰকাৰী চাউল যোগানত অনিয়ম : সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে গোচৰ ৰুজু


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটা অভিযানকাৰী দলে বৃহস্পতিবাৰে ৰাজহুৱা অভিযোগৰ ভিত্তিত  জিলাখনৰ নলাপাৰৰ আলমীত থকা মেচাৰ্ছ উত্তৰ মৰঙি জি পি এছ এছৰ সুলভ মূল্যৰ ব্যৱসায়ী জানমনি হাজৰিকাৰ দোকানত চলোৱা অভিযানত ভালেমান অনিয়ম পোহৰলৈ আহে । 

সেই অনুসৰি ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে হিতাধিকাৰীৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পাবলগীয়া চাউলৰ আঢ়ৈ কিলোগ্ৰামকৈ কৰ্তন কৰি ৰখা, খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনাৰ চাউল আৰু কেৰাচিন তেল মজুতকৰণৰ পঞ্জীয়ন বহী নৰখা, জিলা উপায়ুক্তৰ নিৰ্দেশ উলংঘা কৰি মূল্য আৰু মজুত সামগ্ৰীৰ তথ্যসম্বলিত ব'ৰ্ড ৰাজহুৱাকৈ আঁৰি নোথোৱা আৰু প্ৰশাসনে দোকান খোলা ৰাখিবলৈ নিৰ্ধাৰণ কৰি দিয়া সময়ত দোকান বন্ধ ৰখা আদি বিভিন্ন অভিযোগ সত্য হিচাপে প্ৰমাণিত হয়।

ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে নতুনকৈ ছপা হোৱা ৰেচন কাৰ্ডসমূহ ৰাখি থোৱা আৰু এইসমূহ দিয়াৰ বাবদ গ্ৰাহকৰ পৰা ৫০ টকাকৈ ধন দাবী কৰাৰো অভিযোগ উঠিছে। অভিযানকালত দলটোৱে গ্ৰাহকৰ পৰা কৰ্তন কৰি ৰখা চাউল অন্য ঠাইলৈ প্ৰেৰণ কৰাৰ তথ্য লাভ কৰে। ইতিমধ্যে ঘটনা সংক্ৰান্তত গোচৰ ৰুজু কৰা হৈছে।

No comments