Breaking News

গোলাঘাট জাতীয় বিদ্যালয়ত মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা কাৰ্যসূচী আৰু আলোচনাচক্ৰ সম্পন্ন



সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাট : গোলাঘাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি মানসিক স্বাস্থ্য সম্পৰ্কীয় এক সজাগতা কাৰ্যসূচী আৰু আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায়।  অহা ১০ অক্টোবৰ বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ প্ৰাকক্ষণত কিশোৰ কিশোৰীসকলৰ লগতে প্ৰাপ্তবয়স্ক লোকৰ মাজত মানসিক স্বাস্থ্যৰ গুৰুত্ব আৰু ইয়াৰ যতন সম্পৰ্কে সজাগতা সৃষ্টিৰ লক্ষ্যৰে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিভাগৰ ডিষ্ট্ৰিক মেণ্টেল হেলথ্ প্ৰগ্ৰেমৰ উদ্যোগত আৰু গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত গোলাঘাট জাতীয় বিদ্যালয়ত এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। উক্ত কাৰ্যসূচীত গোলাঘাটৰ বিশিষ্ট মনোৰোগ চিকিৎসক ডাঃ দীপক দত্ত,  ক্লিনিকেল চাইক'লজিষ্ট বুল্টী  শইকীয়া, জিলা আইন সেৱা প্ৰাধিকাৰী নাৰায়ণ কুৰী, গোলাঘাট জাতীয় বিদ্যালয়ৰ সঞ্চালক মণ্ডলীৰ সভাপতি ডাঃ অজিত বৰুৱা,সম্পাদিকা বনশ্ৰী কাকতি আৰু প্ৰধান শিক্ষয়িত্ৰী স্মৃতিৰেখা বৰাক মঞ্চত আসন গ্ৰহণ কৰোৱা হয় আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে ডাঃ দীপক দত্তই মানসিক ৰোগৰ সম্বন্ধে মানুহৰ মাজত থকা ভ্ৰান্ত ধাৰণা আৰু মানসিক ৰোগৰ লক্ষণ,  চিনাক্তকৰণ আৰু চিকিৎসা সম্পৰ্কে বিস্তৃত ভাৱে  শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলক অৱগত কৰে।  বিদ্যালয়ৰ সহ শিক্ষক প্ৰিন্স ফুকনে আঁত ধৰা অনুষ্ঠানত ক্লিনিকেল চাইক'লজিষ্ট বুল্টী শইকীয়া,  জিলা আইন সেৱা প্ৰাধিকাৰী নাৰায়ণ কুৰী আৰু বিদ্যালয়ৰ সঞ্চালক মণ্ডলীৰ সভাপতি ডাঃ অজিত বৰুৱাইও যথেষ্ট তত্ত্বগধুৰ আৰু সাৱলীল বক্তব্য আগবঢ়ায়। আনহাতে  বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা  'মানসিক স্বাস্থ্য আৰু ইয়াৰ গুৰুত্ব ' শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ বিজয়ী সকলক আজিৰ অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় বুল্টী শইকীয়াই ।

No comments