Breaking News

লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আদানী গোষ্ঠীক হস্তান্তৰ কৰাৰ দিনটোত অসম জাতীয় পৰিষদৰ দুঘণ্টীয়া মৌন প্ৰতিবাদ


ডিজিটেল সংবাদ,গুৱাহাটীঃ আনুষ্ঠানিকভাৱে আদানী গ্ৰুপৰ হাতলৈ গ'ল গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। বৃহস্পতিবাৰে নিশা ১২ বজাত আদানী গ্ৰুপক আনুষ্ঠানিকভাৱে বিমান বন্দৰটো হস্তান্তৰ কৰে ভাৰতীয় বিমান বন্দৰ প্ৰাধীকৰণে। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত থকা অসম তথা উত্তৰ পূৰ্ৱাঞ্চলৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ব্যক্তিগত খণ্ডলৈ হস্তান্তৰৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল বিভিন্ন দল-সংগঠনে।লোকপ্ৰিয় গোপীনাথ বৰদলৈ  বিমানবন্দৰ আদানী গোষ্ঠীক হস্তান্তৰ কৰাৰ দিনটোতে অসম জাতীয় পৰিষদে দুঘণ্টীয়া মৌন প্ৰতিবাদ কৰে। 

অসম জাতীয় পৰিষদে এক বিবৃতিত উল্লেখ কৰে এনেদৰে- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ যোৱা নিশা ১২ বজাত আদানী গোষ্ঠীক ৫০ বছৰৰ বাবে হস্তান্তৰ কৰা হৈছে। কেন্দ্ৰৰ মোদী চৰকাৰে সকলো নীতি-নিয়ম জ্বলাঞ্জলি দি সম্পূৰ্ণ বেআইনীভাৱে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে। অসম জাতীয় পৰিষদে  আৰম্ভণিৰে পৰা ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। ইতিমধ্যে ধৰ্ণা, গণ স্বাক্ষৰ আদি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তথাপিও এই বেআইনী কাৰ্য্যৰ বিৰুদ্ধে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল।

ভাৰতীয় বিমান প্ৰাধিকৰণৰ আইন ১৯৯৫ অনুসৰি সৰ্বাধিক ৩০ বছৰৰ বাবেহে বিমানবন্দৰ লীজত দিয়াৰ ব্যৱস্থা আছে। কাৰ স্বাৰ্থত এই আইন ভৰিৰে মোহাৰি পেলোৱা হ'ল সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। অসম জাতীয় পৰিষদে এই বেআইনী কাৰ্য্য কেতিয়াও মানি নলয়। দেশজুৰি ইয়াৰ প্ৰতিক্ৰিয়া চলি আছে। এক সবল জনমত গঢ়ি উঠিছে। এই জনমত অধিক সুদৃঢ় কৰি  ধৰি ৰাখিব পাৰিলে ইয়াৰ এক সুবিচাৰ হ'বই। অসম জাতীয় পৰিষদ এই ক্ষেত্ৰত দৃঢ় বিশ্বাসী।

 অসম জাতীয় পৰিষদ ব্যক্তিগত খণ্ডৰ বিৰোধী নহয়। দল ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগসমূহ ব্যক্তিগত খণ্ডক গতোৱাৰহে বিৰোধী। গোপীনাথ বৰদলৈৰ বিমানবন্দৰ এটা লাভজনক বিমানবন্দৰ। লোকচান ভৰি থকা বিমানবন্দৰসমূহ ব্যক্তিগত খণ্ডক নগতাই লাভ অৰ্জন কৰি থকা গুৱাহাটী বিমানবন্দৰ ব্যক্তিগত খণ্ডৰ আদানী গোষ্ঠীক কিয় গটোৱা হ'ল সেইটোহে ডাঙৰ সাঁথৰ। আমি বিশ্বাস কৰোঁ ৰাইজৰ প্ৰতিবাদী শক্তিয়ে এদিন এই সাঁথৰ ভেদ কৰিবই।

অসমবাসীৰ সম্পূৰ্ণ আৱেগ জড়িত হৈ থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আজি আদানী গোষ্ঠীৰ দখললৈ যাব। এইয়া অসমৰ বাবে কিমান দুৰ্ভাগ্যজনক সেইয়া জনবিৰোধী মোদী চৰকাৰে উপলব্ধি কৰিব নোৱাৰে। অতি নিৰ্লজ্জভাৱে এই চৰকাৰ আৰু শাসনাধিস্থ বিজেপি দলে জনসাধাৰণৰ আৱেগ আৰু ন্যায়ৰ প্ৰতি পিঠি দি ইয়াৰ যুক্তিযুক্ততাৰ সপক্ষে ৰজাঘৰীয়া এচাম বুদ্ধিজীৱীৰ জৰিয়তে মিথ্যা প্ৰচাৰত নামিছে। ব্যক্তিগত খণ্ডৰ হাতত এই বিমানবন্দৰৰ ব্যাপক উন্নয়ন সাধন হ'ব বুলি ব্যাপক প্ৰচাৰ চলোৱা হৈছে। কিন্তু এইসকলে পাহৰি গৈছে আন্তৰ্জাতিক সংস্থা The 'International Air Transport Association'ৰ 'Global Airlines Body'য়ে কৈছে, 'ব্যক্তিগত বিমানবন্দৰ ৰাজহুৱা বিমানবন্দৰতকৈ বহুত খৰচী আৰু ব্যক্তিগত বিমানবন্দৰ ৰাজহুৱা বিমানবন্দৰতকৈ অধিক কাৰ্য্যক্ষম নহয়। আচৰিতভাৱে ব্যক্তিগত খণ্ডৰ বিমানবন্দৰ অধিক খৰচী।"

অসমবাসীৰ আজিৰ এই দুৰ্ভাগ্যৰ দিনটোত সেয়েহে দুঘণ্টীয়া মৌন প্রতিবাদৰ কাৰ্য্যসূচী পালন কৰা হৈছে। কাৰণ মৌনতাৰ শক্তি অপৰিসীম। আমি জানোঁ কথাৰো শক্তি থাকে, মৌনতাৰো শক্তি থাকে। দুয়োটা দুটা ভিন্ন ৰূপৰ শক্তি। কথা যেনেকৈ শক্তিমান, তেনেকৈ নোকোৱা কথা বা মৌনতা তাতোকৈ বহুত বেছি শক্তিমান। কথাৰ শব্দতকৈ মৌনতাৰ শব্দ অধিক তীব্রতৰ। কথাৰ শব্দই ক্ৰিয়া কৰে কাণত । মৌনতাৰ শব্দ ধ্বনিত হয় শৰীৰ ভিতৰত– অভ্যন্তৰত। সেয়েহে কথাৰ শব্দতকৈ মৌনতাৰ শব্দই বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰে।মৌন হৈ থাকিলে শব্দ সঞ্চিত হয়। এনেকৈ শব্দ সঞ্চিত হৈ – হৈ – হৈ  শব্দৰ শক্তি বৃদ্ধি হৈ গৈ থাকে। ইয়াৰ পিছত যেতিয়া ই এটা নতুন পথ বিচাৰি পায় তেতিয়া এটা নতুন অৱস্থাৰ সৃষ্টি কৰে। এনে  অৱস্থাতে সেই শব্দৰ মাজেদিয়েই প্ৰকাশ ঘটে এটা নতুন শক্তিৰ। সেই শক্তিৰেই আমি এই অন্যায় ওফৰাব পাৰিম।

No comments