Breaking News

গান্ধী জয়ন্তী উপলক্ষে গোলাঘাট পৌৰ সভা, চিআৰপিএফৰ ১৪২ বেটেলিয়নৰ চাফাই অভিযান

ডিজিটেল সংবাদ,গোলাঘাটঃগান্ধী জয়ন্তী উপলক্ষে আজি পুৱা গোলাঘাট পৌৰ সভা আৰু চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ উদ্যোগত গোলাঘাট নগৰৰ কেইবাটাও স্থানত চাফাই অভিযান চলোৱা হয় । স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি গোলাঘাট পৌৰসভাই ২৯ ছেপ্টেম্বৰৰ পৰাই ব্যাপক চাফাই অভিযান অব্যাহত ৰাখিছিল ।

আজিৰ চাফাই অভিযান কাৰ্যসূচীত জিলা উপায়ুক্ত  মৃগেশ নাৰায়ণ বৰুৱা, অতিৰিক্ত উপায়ুক্ত মুন গগৈ, পৌৰসভাৰ কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰ আৰু পৌৰ নিগম তথা চি আৰ পি এফৰ জোৱান আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে ।

No comments