Breaking News

প্রধানমন্ত্ৰীৰ মনকীবাত” – বিজেপিৰ কাৰ্যকৰ্তাৰ লগতে সর্বসাধাৰণ ৰাইজৰ অংশ গ্রহণ

 


গুৱাহাটী : প্রতি মাহত প্রচাৰিত হােৱা মাননীয় প্রধানমন্ত্ৰীৰ মনকীবাত অনুষ্ঠানত অসমৰ লাখ লাখ বিজেপি কাৰ্য্যকৰ্তাৰ লগতে সর্বসাধাৰণ ৰাইজৰ স্বতস্ফূর্ত অংশ গ্রহণ আৰু ইয়াৰ দ্বাৰা ৰাইজে নিজকে উৎসাহিত কৰা পৰিলক্ষিত হৈছে। মাননীয় প্রধানমন্ত্রী মহােদয়ে আজিৰ মনকীবাতৰ যােগেদি “এশ কোটি ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰাৰ ক্ষেত্ৰত চিকিৎসক আৰু অন্যান্য স্বাস্থ্য কর্মীয়ে পালন কৰা গুৰুত্বপূর্ণ ভূমিকাক ভূয়সী প্রশংসা কৰে। ইংৰাজ বিৰােধী আন্দোলন ‘উলগুলান’ৰ নেতা ভগৱান বিচা মুণ্ডাৰ যি অৱদান সেইয়া আজিৰ দিনত প্ৰতিজন যুৱ প্ৰজন্মই অধ্যয়ন কৰিব লাগে বুলি

উল্লেখ কৰে।”

মাননীয় প্রধানমন্ত্ৰী গৰাকীয়ে “লৌহপুৰুষ চৰ্দাৰ বল্লৱভাই পেটেলদেৱৰ এক ভাৰত-শ্রেষ্ঠ ভাৰতৰ আদর্শ আমাক বিকাশৰ ক্ষেত্ৰত সদায়েই প্ৰেৰণা যােগায়। মহিলাসকলৰ পুলিচ, সেনা বাহিনীত দুগুন হােৱাত মাননীয় প্রধানমন্ত্ৰী গৰাকীয়ে সকলােকে প্রসংশা কৰে।” দেশৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ ভূমিকাৰ কথা উল্লেখ কৰি ড্রোনৰ সার্বজনীন ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰে নতুন আইন প্রণয়ন কৰিছে আৰু ইয়াৰ পৰা নৱ প্ৰজন্মক উৎসাহিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ কথা উল্লেখ কৰি ইয়াৰ বাবে প্রয়ােজন হােৱাসকলাে ব্যৱস্থা তৎপৰতাৰে গ্ৰহণ কৰা হ'ব বুলিও প্রধানমন্ত্রীয়ে কয়।

আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া শিখগুৰু গুৰুনানকদেৱৰ জন্মদিৱস, দিপাৱলী আদি সকলাে উৎসৱত থলুৱা বস্তু ক্রয় কৰি দেশৰ অৰ্থনীতিত অংশীদাৰ হ'বলৈ ৰাইজক আহ্বান জনাই মাননীয় প্রধানমন্ত্রী গৰাকীয়ে আজিৰ মনকী বাত অনুষ্ঠানৰ জৰিয়তে।

ইয়াৰােপৰি ‘মন কী বাত'ত প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰসংঘৰ বিষয়েও উল্লেখ কৰি কয় যে বিশ্ব শান্তি সু-নিশ্চিত কৰিবলৈ গঠন হােৱা আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ প্ৰাৰম্ভিক সময়ত ভাৰতৰ ভূমিকা অতি উল্লেখনীয় আছিল। এই ক্ষেত্ৰত আমি লক্ষ্মী মেনন, হানসা মেহতা আৰু বিজয়লক্ষ্মী পণ্ডিতে গ্ৰহণ কৰা বলিষ্ঠ ভূমিকাৰ কথা উল্লেখ কৰিব পাৰাে বুলি প্রধানমন্ত্রীয়ে ‘মন কী বাত'ত উল্লেখ কৰাৰ লগতে ভাৰতীয় প্রতিনিধি সকলে ৰাষ্ট্ৰসংঘত গ্ৰহণ কৰা ভূমিকাৰ উচ্চ প্রশংসা কৰে। লগতে প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্ৰসংঘত হিন্দীত দিয়া ভাষণৰ কথা উল্লেখ কৰি তেওঁৰ পৰা দেশে সদায় অনুপ্ৰেৰণা পােৱা বুলি প্রধানমন্ত্রীয়ে ‘মন কী বাত’ত মত পােষণ কৰে। উল্লেখযােগ্য যে ৰাষ্ট্ৰসংঘৰ মজিয়াত হিন্দীত ভাষণ দিয়া প্রথম ব্যক্তিজনেই হ’ল অটল বিহাৰী বাজপেয়ী।



একমাত্র ভাৰতীয় জনতা পার্টিৰ এজন বুথ সভাপতি দলৰ সর্বোচ্চ পদ অলংকৃত কৰিব পাৰে ভাৰতীয় জনতা পার্টি, গুৱাহাটীৰ মহানগৰ জিলাৰ অন্তৰ্গত দিছপুৰ মণ্ডলৰ ৯১ নং বুথ সমিতিৰ উদ্যোগত অনুষ্ঠিত আজি ৰাজ্যিক বিজেপি কাৰ্যালয়ত প্রধানমন্ত্রী মনকীবাত কাৰ্যক্ৰমত অংশ গ্রহণ কৰেভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ মাননীয় সভাপতি শ্ৰীযুত ভৱেশ কলিতা আৰু ভাৰতীয় জনতা পার্টি মাননীয় ৰাষ্ট্ৰীয় সধাৰণ সম্পাদক শ্রীযুত চি.টি. ৰভি ডাঙৰীয়াই। বুথ সভাপতি শ্রীমতী বীনা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্রসংগত মাননীয় ৰাষ্ট্রীয় সাধাৰণ সম্পাদক গৰাকীয়ে উল্লেখ কৰি কয় যে - “কংগ্ৰেছ, সমাজবাদী, আৰ জে ডি, তৃণমূল কংগ্ৰেছ আদি দল বিলাকৰ মালিকীস্বত্ব আছে।

ইয়াৰ পৰিবৰ্তে ভাৰতীয় জনতা পার্টি কোনাে তেনেকুৱা ব্যৱস্থা নাই, শ্যামা প্রসাদ মুখার্জী হওঁক, অটল বিহাৰী বাজপেয়ী হওঁক বা নৰেন্দ্র মােদী ডাঙৰীয়াই হওঁক তেওঁলােকৰ উত্তৰ পুৰুষ দলত নাই।

মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে আৰু কয় যে - তেখেত আজিৰ পৰা ৩০ বছৰ আগতে এজন বুথ সমিতিৰ সভাপতি আছিল আৰু আজি তেখেত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে  কাৰ্য্যকর্তাসকলক সম্বােধন কৰিব পাই গৌৰৱান্বিত হৈছে। এয়া একমাত্র ভাৰতীয় জনতা পার্টিতে সম্ভৱ যে এজন দলৰ তৃণমূল পর্যায়ৰ কৰ্মী এদিন গৈ ৰাষ্ট্ৰীয় সভাপতি, সাধাৰণ সম্পাদক হ'ব পাৰে। ৰেল ষ্টেচনত চাহ বিক্ৰী কৰা বালকো দেশৰ প্রধানমন্ত্রী হ'ব পাৰে। দলীয় কর্মীৰ এনেধৰণৰ উত্তৰণ কেৱল ভাৰতীয় জনতা পার্টিতহে সম্ভৱ।”

দলৰ প্ৰতিজন তৃণমূল কর্মীয়ে বিজেপিৰ মূল চালিকা শক্তি হােৱাৰ বাবেই তৃণমূল কর্মীয়েও দলৰ শীর্ষতম আসন শুৱনি কৰিব পাৰে। প্রধানমন্ত্রীয়ে মন কী বাত’ৰ জৰিয়তে সমগ্ৰ দেশতে মানুহৰ মনত ইতিবাচক চিন্তাৰ বিকাশ ঘটোৱাৰ লগতে বিশেষভাৱে যুৱ প্ৰজন্মক ৰাষ্ট্র সেৱাৰ বাবে অনুপ্রাণিত কৰিছে বুলি শ্ৰী ৰবিয়ে মত প্রকাশ কৰে।



ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত প্রাক্তন ৰাজ্যিক সভাপতিদ্বয় ক্রমে শ্ৰীযুত ৰাজেন গোহাঁইআৰু শ্ৰীযুত ৰমেন ডেকা, উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্রীয় সাংগঠনিক সম্পাদক শ্ৰীযুত অজয় জামৱাল, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি শ্ৰীযুত মৃগেন শৰণীয়া উপস্থিত থাকে।

আজি সমগ্র দেশৰ লগতে অসমতাে লাখ লাখ বিজেপিৰ কাৰ্যকৰ্তাই আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ মনকী বাত’ কাৰ্যসূচীত অংশগ্রহণ কৰে। অসমত প্রায় ১৫ লাখ কার্যকর্তাই এই কাৰ্যসূচীত ভাগ লােৱা বুলি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কোৱা হয়। প্রতিখন জিলা, মণ্ডল আৰু বুথ সমিতিত আজিৰ এই কাৰ্যসূচী সফল ৰূপায়ন হয় বুলি উল্লেখ কৰি দলৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই কয়। 

No comments