Breaking News

গৃহ বন্দী বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ ৰাইজ।বন্ধ ইঞ্জিন চালিত নাও ফেৰী



পঙ্কজ নাথ,চাংসাৰিঃ বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ ইঞ্জিন যুক্ত নাও ফেৰী বন্ধ হোৱাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে বৰক্ষেত্ৰীৰ সৰ্ব সাধাৰণ ৰাইজ। মাজুলীৰ নাও দুৰ্ঘটনাৰ পিছতে ৰাজ্য চৰকাৰে ইঞ্জিন চালিত নাও ফেৰী সমূহ বন্ধ কৰাত সমগ্ৰ অসমৰ লগতে বৰক্ষেত্ৰীৰ চৰাঞ্চলতো বিৰূপ প্ৰভাৱ পৰিছে। বৰক্ষেত্ৰীৰ টিলাৰদিয়া, ন-পাৰা পাম, বালাট্টাৰী,লাওপাৰা চৰৰ প্ৰায় দহ সহস্ৰাধিক লোক গৃহ বন্দী হোৱা ঘটনাই সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সম্প্ৰতি ইঞ্জিন চালিত নাও ফেৰী বন্ধ হোৱাৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, চিকিৎসা,কৃষক সকলৰ মাজত পানীত হাঁহ নচৰা অৱস্থা হৈছে। ইয়াৰ সুযোগতে চতৈমাৰীস্হিত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ জনৈক ৰাজবংশীয়ে নাওৰ লেচী নেপাল দাসৰ লগত গোপন বুজা বুজিৰে কিছুমান লোকৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈ সৰু নাও আৰু একক ইঞ্জিন চালিত নাৱেৰে পাৰ কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।ইফালে খাদ্য সুৰক্ষা আঁচনিৰ চাউল যোগান ধৰাৰ ক্ষেত্ৰতো যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে সূলভ মুল্যৰ এজেন্ট সকলে। বিশেষকৈ সুলভ মূল্যৰ এজেন্ট কৰিম আলীয়ে সুলভ মূল্যৰ চাউল লাউতোলা চতৈমাৰী পাৰঘাটেৰে লৈ যোৱা কাৰ্যক ক্ষোভিত হৈ পৰে  জল পৰিবহন বিভাগৰ একাংশ কৰ্মচাৰীৰ লগতে এচ অ ৰাজবংশীয়ে। ইমানতে ক্ষান্ত নাথাকি নাচোৰ বান্দা ৰাজবংশীয়ে মিছা অভিযোগৰ আশ্ৰয় লৈ কৰিম আলীৰ বিৰুদ্ধে মুকালমুৱা থানাত এজাহাৰ দাখিল কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। সম্প্ৰতি চৰাঞ্চলত নাও ফেৰী বন্ধ হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলবাসী। 

যাৰবাবে অতি সোনকালে নাও চলাচলৰ ব্যাৱস্থা কৰিবলৈ ৰাইজে জিলা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে।

No comments