Breaking News

চতুৰ্থ বাৰৰ বাবে নেটাৰ উপদেষ্টা পদত বিদ্যানন্দ বৰকাকতি


ডিজিটেল সংবাদ,গোলাঘাটঃ নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটাৰ উপদেষ্টা হিচাপে চতুৰ্থ বাৰৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট চাহ উদ্যোগপতি বিদ্যানন্দ বৰকাকতি। চাহ উৎপাদনকাৰী সংস্থাটোৰ সোমবাৰে গোলাঘাটস্থিত মুখ্য কাৰ্যালয়ত হোৱা এক সভাৰ অন্তত ২০২১- ২৩ বৰ্ষৰ কাৰ্যকালৰ বাবে সৰ্বসন্মতিক্ৰমে উপদেষ্টা পদত নিৰ্বাচন কৰা হয় বিদ্যানন্দ বৰকাকতিক। 

উল্লেখ্য যে,চাহ উদ্যোগৰ উৎপাদন আৰু বিপণনৰ ক্ষেত্ৰত এজন যথেষ্ট অভিজ্ঞ ব্যক্তি হিচাপে পৰিচিত বিদ্যানন্দ বৰকাকতিয়ে নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ উপাধ্যক্ষ পদত একেৰাহে তিনিটা কাৰ্যকাল আৰু অধ্যক্ষ হিচাপেও তিনিটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। 

তেখেত গোলাঘাটৰ দুটা প্ৰতিষ্ঠিত চাহ কোম্পানী ক্ৰমে মহালক্ষ্মী টি কোম্পানী আৰু নন্দপুৰ চাহ বাগিচাৰ অন্যতম অংশীদাৰ।ইয়াৰ উপৰিও ভাৰতীয় চাহ বোৰ্ডৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা বিদ্যানন্দ বৰকাকতি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ চাহ উদ্যোগৰ এখন চিনাকি মুখ।

No comments