Breaking News

শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰাপক ড০ বিনয় কুমাৰ শইকীয়াক সম্বৰ্ধনা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ


ডিজিটেল সংবাদ,গোলাঘাটঃ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে প্রথমবাৰৰ বাবে বিভাগৰ প্ৰাক্তন ছাত্র-ছাত্ৰীৰ দ্বাৰা এটি কোষ গঠন কৰি শনিবাৰে দিনৰ ১১ বজাত এখন সভা অনুষ্ঠিত কৰে। উক্ত সভাত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ প্ৰাক্তন কৃতি ছাত্র, নেইষ্ট (NEIST) যোৰহাটৰ কৰ্মৰত বিজ্ঞানী তথা ২০২১ চনৰ ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰাপক ড০ বিনয় কুমাৰ শইকীয়াক সম্বৰ্ধনা জনোৱা হয়। 

অনুষ্ঠানটোত সভাপতিত্ব কৰে বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক জ্যোতি প্ৰসাদ দত্তই। বিভাগৰ অন্য এজন সহযোগী অধ্যাপক ড০ সুভাংশু দত্তই আঁতধৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্রদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পুতুল শইকীয়াই। বিভাগৰ অন্য এজন সহযোগী অধ্যাপক তথা প্ৰাক্তন মুৰব্বী  বেদান্ত বৰাই ড০ বিনয় কুমাৰৰ শৈক্ষিক জীৱন, কৰ্মৰত জীৱন, গৱেষণা আৰু লাভ কৰা বঁটা বাহনৰ এটি খতিয়ান দাঙি ধৰে। 

ইয়াৰ পাছতে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা এসময়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ তোলন হাজৰিকা, প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ যামিনী কুমাৰ বৈশ্য আৰু ড০ নৃপেন কুমাৰ বৰুৱাই ড০ বিনয় কুমাৰৰ কৰ্মৰাজী আৰু ছাত্র হিচাপে তেওঁৰ কৃতিত্ব ৰোমন্থন কৰি আপ্লুত হৈ পৰে।বিভাগৰ ছাত্র- ছাত্রীৰ উপস্থিতিত কেইবাজনো প্ৰাক্তন ছাত্র-ছাত্ৰীয়ে তেওঁলোকৰ কলেজীয়া জীৱনৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। 

প্ৰায় পোন্ধৰজনমান প্ৰাক্তন ছাত্র-ছাত্ৰী উপস্থিত থকা উক্ত অভিনন্দন অনুষ্ঠানটো শলাগৰ শৰাই আগবঢ়াই বিভাগৰ অন্য এজন সহকাৰী অধ্যাপক ড০ মৃদুল চেতীয়াই। শেষত সভাপতিৰ মন্তব্যৰে উক্ত অনুষ্ঠানটিৰ সফল সমাপ্তি ঘোষণা কৰি ভৱিষ্যতে প্ৰাক্তন ছাত্র-ছাত্ৰীসকলে পুনৰ লগ হোৱাৰ সজীৱ আশাৰে বিদায় লয়।

No comments