Breaking News

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা কাৰ্য্যক গুৰুত্ব সহকাৰে লোৱা বাবে অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে নিৰ্বাচন আয়োগক আদৰণি জনাইছে



ডিজিটেল সংবাদঃ উপ নিৰ্বাচনৰ বিভিন্ন প্ৰচাৰ সভাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা কাৰ্য্যক গুৰুত্ব সহকাৰে লোৱা বাবে অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে নিৰ্বাচন আয়োগক আদৰণি জনাই এক বিবৃতিত উল্লেখ কৰে এনেদৰে- নিৰ্বাচন আয়োগৰ এখন পত্ৰত উল্লেখ কৰা মতে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰ্থিক অনুদান, নতুনকৈ পথ, দলং, বিদ্যালয় চিকিৎসা মহাবিদ্যালয় আদি নিৰ্মাণৰ ঘোষণা কৰিছে, যিটো নিৰ্বাচনী আচৰণ বিধিৰ পৰিপন্থী। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈছে যে নিৰ্বাচন আয়োগে দৃষ্টি ৰখা ভাল যে ড০ শৰ্মা অসমৰ সাংবিধানিক মুৰব্বী আৰু তেখেতে নিৰ্বাচন আয়োগৰ আচৰণ বিধিক সন্মান প্ৰদৰ্শন কৰিব লাগে। কিন্তু ইয়াৰ পৰিবৰ্তে ডঃ শৰ্মাই চূড়ান্ত ভাৱে আৰু মুকলিকৈ নিৰ্বাচন আয়োগে বান্ধি দিয়া নিয়ম উলংঘা কৰি আছে আৰু এনেকুৱা ভাৱ প্ৰদৰ্শন কৰিছে যে শাসকীয় পক্ষই কাকোৱেই কেৰেপ নকৰে। এইটোৱেই ইয়াকে বুজাইছে যে তেওঁলোকে নিৰ্বাচন আয়োগ তথা আয়োগৰ নিয়মৰ প্ৰতি সন্মান নকৰে।

অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে এই বিষয়টো উত্থাপন কৰি কয় যিহেতু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আয়োগৰ আচৰণ বিধি উলংঘা কৰাৰ ভিডিও ক্লিপ প্ৰমাণ আছে, সেয়েহে নির্বাচন আয়োগে তেখেতক কাৰণ দৰ্শোৱাৰ জাননী উত্তৰলৈ অপেক্ষা কৰা উচিত নহয়। অ'দিও-ভিডিও ক্লিপ প্ৰমাণৰ ওপৰত ভিত্তি কৰি নির্বাচন আয়োগে তাৎক্ষণিক ভাৱে উপ নিৰ্বাচনৰ বাকী থকা দি সমূহত ড০ শৰ্মাক নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যত নিষেধাজ্ঞা আৰোপ কৰিব লাগে। তেতিয়া এয়া নিৰ্বাচন আয়োগৰ বাবে এক যুগান্তকাৰী উদাহৰণ হিচাপে ৰব যে নিৰ্বাচনী আচৰণ বিধি মানিবলৈহে নিৰ্ধাৰণ কৰা হয় আৰু শাসকীয় পক্ষত থকা সকলোৱেও এই আচৰণ বিধিক অসন্মান কৰিব নোৱাৰিব।

No comments