Breaking News

গোলাঘাটৰ সমাজসেৱী মহিলা অনুৰেখা বাকলিৱাললৈ এন. এচ. আৰ. চি. চি. বি. জিলা সভাপতিৰ দায়িত্ব

 


গোলাঘাটঃ  গোলাঘাট নগৰৰ সমাজসেৱী মহিলা অনুৰেখা বাকলিৱাললৈ নেচনেল হিউমেন ৰাইটছ এণ্ড ক্ৰাইম কন্ট্ৰল ব্যুৰ মহিলা শাখাৰ গোলাঘাট জিলা সমিতিৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে।অনুৰেখা বাকলিৱালে অতি নিষ্ঠাৰে সমাজ জীৱনলৈ আগবঢ়াই অহা সেৱাৰ প্ৰতি আকৃষ্ট হৈ  এন. এচ. আৰ. চি. চি. বি. মহিলা শাখা অসমৰ ৰাজ্যিক সভানেত্রী শীতল ছোমানিয়ে আনুষ্ঠানিক ভাৱে ২৪ অক্টোবৰ দিনা এই দায়িত্ব অৰ্পণ কৰে।   লগতে শীতল ছোমানিয়ে শুভেচ্ছা জ্ঞাপন কৰি কয় যে অনুৰেখা বাকলিৱালৰ নেতৃত্বত গোলাঘাট জিলা ব্যুৰ সৌজন্যত সমাজত শোষিত আৰু নিৰ্যাতিত তথা বিশেষকৈ ন্যায় পৰা বঞ্চিত মহিলা সকলক সেৱা আগবঢ়ায় যাব। উল্লেখযোগ্য যে গোলাঘাটৰ বিশিষ্ট ব্যৱসায়ী সুবীৰ বাকলিৱালৰ পত্নী অনুৰেখা বাকলিৱাল   ইণ্টিৰিয়ৰ ডিজাইনাৰ হোৱাৰ উপৰি ফৰকাটিং প্ৰতিবন্ধী প্ৰতিষ্ঠানৰ ফিজিউথেৰাপি বিভাগৰ অধ্যক্ষাৰ দায়িত্বত আছে।

No comments