Breaking News

হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত লিংগ অধ্যয়ন বিষয়ক পৰিৱৰ্ধন পাঠ্যক্ৰম সফলতাৰে সম্পন্ন



ডিজিটেল সংবাদ, গোলাঘাটঃ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ দ্বাৰা আয়োজিত লিংগ অধ্যয়ন বিষয়ক এক পৰিৱৰ্ধন পাঠ্যক্ৰম আজি সফলতাৰে সম্পন্ন হয় । এই উপলক্ষে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক ড০ দীপা ফুকন বৰুৱাই। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিশিষ্ট শিক্ষাবিদ অধ্যাপক প্ৰদীপ শইকীয়া, মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিপুল চন্দ্ৰ ভূঞা, শৈক্ষিক উপাধ্যক্ষ প্ৰশান্ত বৰা, আভ্যন্তৰীণ মানদণ্ড নিৰুপণ কোষৰ সমন্বয়ক ড০ পলাশ সন্দিকৈ। উল্লেখযোগ্য যে যোৱা 28 চেপ্টেম্বৰ তাৰিখে আৰম্ভণি হোৱা এই অনুষ্ঠানত মূল বীজ ভাষণ প্ৰদান কৰিছিল বিশিষ্ট সাহিত্য আৰু চলচ্চিত্ৰ সমালোচক, মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড০ গৰিমা কলিতাই।  এই পাঠ্যক্ৰমত লিংগ অধ্যয়নক প্ৰতিনিধিত্ব কৰা অসমীয়া আৰু ইংৰাজী ভাষাৰ গুৰুত্বপূৰ্ণ পাঠ, লিংগ অধ্যয়নৰ বাটকটীয়া বিশ্বৰ দিকদৰ্শক ব্যক্তিৰ লগতে বহুকেইখন বোলছবি আৰু তথ্যচিত্ৰ সন্নিৱিষ্ট কৰা হৈছিল । এই পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে বিষয়টিৰ সন্দৰ্ভত এক গভীৰ আৰু বিস্তাৰিত ধাৰণা লাভ কৰিবলৈ সক্ষম হয়। লিংগ অধ্যয়ন ক্ষেত্ৰখনৰ  লগত জড়িত  বহুকেইজন  বিশেষজ্ঞ ব্যক্তিয়ে এই পাঠ্যক্ৰমত পাঠদান কৰে। 

এই সকলৰ ভিতৰত ড০ গৰিমা কলিতা, কটন বিশ্ববিদ্যালয়ৰ অনুপম কুমাৰ হাজৰিকা, Assam Royal Global University ৰ ড০ স্তুতি গোস্বামী আৰু মনস্বিনী মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ IDOL ৰ ডালিম দাস, মাধব চন্দ্ৰ দাস  মহাবিদ্যালয়ৰ ড০ মিঠু দুসাদ, Arunachal University of Studies ৰ ৰানাদ্বীপ দত্ত, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ কিশোৰ গোস্বামী, তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষিকা ঝৰ্ণা চৌধুৰী, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ড০ দীপা ফুকন বৰুৱা আৰু ড০ সুনীল সন্দিকৈ, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অংকিতা বৰবৰা, দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়ৰ তেজস্বিতা শইকীয়া, দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ প্ৰিয়াংকু হাজৰিকা অন্যতম।  এই পাঠদান প্ৰক্ৰিয়াসমূহ মূলতঃ অনলাইন মাধ্যমত সম্পন্ন কৰাৰ লগতে  বাণীবদ্ধও কৰা হয়। মহিলা ভোটাধিকাৰ আন্দোলন, কুইয়ৰ থিয়ৰি, ইকফেমিনিজম ইত্যাদি মতবাদসমূহ আলোচনা কৰাৰ লগতে লিংগ অধ্যয়ন ভিত্তিক কেবাখনো দিকনিৰ্ণায়ক পাঠ এই পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা হৈছিল। তদুপৰি চলচিত্ৰ আৰু তথ্যচিত্ৰত এই বিষয়ক ধাৰণাসমূহৰ উপস্থাপনৰ ভিত্তিত নিৰ্বাচিত কেইখনমান চলচিত্ৰ আৰু তথ্যচিত্ৰও এই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল। 

হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত লিংগ বিষয়ক পোন প্ৰথমবাৰৰ কাৰণে প্ৰৱৰ্তন হোৱা এই পৰিবৰ্ধন পাঠ্যক্ৰমটোৰ প্ৰতি শিক্ষাৰ্থীৰ সঁহাৰি উৎসাহজনক হোৱাৰ লগতে পাঠ্যক্ৰমটো সফল সমাপ্তিত তেওঁলোকৰ শেহলৈকে যোগদানো আছিল উল্লেখযোগ্য।পাঠ্যক্ৰমটোত অংশগ্ৰহণকাৰীসকলৰ মূল্যায়নৰ হেতুকে দুটা অন্তৰ্ৱৰ্তীকালীন পৰীক্ষা ৫ আৰু ১১ অক্টোবৰত অনুস্থিত কৰাৰ লগতে সমাপন পৰীক্ষা ২৫ অক্টোবৰ ২০২১ তাৰিখে অনুস্থিত হয়। সৰ্বমুঠ ৭৭ গৰাকী শিক্ষাৰ্থীয়ে এই সমাপন পৰ্যায়লৈকে পৰীক্ষাত অৱতীৰ্ণ হয়। আজি সমাপন হোৱা অনুষ্ঠানত ছাত্ৰী সকলৰ মাজত মানপত্ৰ বিতৰণ কৰা হয়। তিনিগৰাকী ছাত্ৰী যথাক্ৰমে সীমা গগৈ, অংকিতা চেত্ৰী আৰু বৃষ্টি দত্তই অতি উৎকৃষ্ট মান লাভ কৰিবলৈ সক্ষম হয়।

No comments