Breaking News

“অসমীয়া বিজেপি বার্তা”ৰ ৫৯ সংখ্যক সংস্কৰণ উন্মােচন


ডিজিটেল সংবাদ,গুৱাহাটীঃ ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত এটা অনুষ্ঠানত বিজেপিৰ মাহেকীয়া মুখপত্র “অসমীয়া বিজেপি বার্তাৰ” ৫৯ সংখ্যক সংস্কৰণ উন্মােচন কৰা হয়। দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক উপ সভাপতি জয়ন্ত কুমাৰ দাসে আলােচনীখন উন্মােচন কৰে। ভাষণ প্রসংগত দাসে কয় যে “অসমীয়া বিজেপি বার্তা” দলৰ নীতি আদর্শ তথা দর্শনৰ দাপােন স্বৰূপ৷ তেওঁ কয় যে মুখপত্ৰখনৰ দায়িত্বত থকা কার্যকর্তা সকলৰ প্ৰচেষ্টাত এই আলােচনীখনে নতুন গতি লাভ কৰিছে। উপ সভাপতি গৰাকীয়ে বিভিন্ন প্রত্যাহ্বানকো নেওচি আলােচনীখন নিয়মিতভাৱে প্ৰকাশ কৰি অহাৰ বাবে “অসমীয়া বিজেপি বাতা”ৰ সম্পাদক ড০ দেৱদত্ত বৰকটকীক ধন্যবাদ জ্ঞাপন কৰে। 

মুখপত্ৰখনৰ ৫৯ সংখ্যক সংস্কৰণ উন্মােচন কৰাৰ সুযােগ দিয়াৰ বাবে তেওঁ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকো ধন্যবাদ জ্ঞাপন কৰে। দাসে বিজেপিৰ কাৰ্যকর্তা হিচাপে তেওঁৰ দলীয় কামকাজৰ স্মৃতি ৰােমন্থন কৰি কয় যে বিজেপিয়ে হৈছে এনে এটা দল যিয়ে ব্যক্তিগত স্বার্থতকৈ ৰাষ্ট্ৰ আৰু দলীয় স্বার্থক সদায় উদ্ধত ৰাখে। বিদেশী মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত বিজেপি দল দৃঢ় প্রতিশ্রুতিৱদ্ধ বুলি উল্লেখ কৰি উপ সভাপতি গৰাকীয়ে কয় যে অনাগত দিন সমূহত বিজেপিয়ে সমাজ কল্যাণৰ বাবে আৰু অধিক শক্তিশালী ৰূপত কাম কৰি যাব।

অনুষ্ঠানত বক্তব্য ৰাখি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ন ন তথ্য সমৃদ্ধ “অসমীয়া বিজেপি বার্তা” নিয়মিতভাৱে প্ৰকাশ কৰাৰ বাবে কার্যকর্তা সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এইক্ষেত্ৰত আৰু অধিক কর্মস্পৃহাৰে আগুৱাই যােৱাৰ বাবে আহ্বান জনায়। উল্লেখযােগ্য যে পৰৱর্তী ৬০ সংখ্যক সংস্কৰণত আলােচনীখনে প্ৰকাশৰ পাচঁটা বছৰ সম্পূৰ্ণ কৰিব। দলীয় কার্যকর্তাসকলক উৎসাহিত কৰাৰ উদ্দেশ্য আলােচনীখনত, টুইটাৰ আৰু ফেচবুকত প্রকাশ পােৱা দলীয় নেতৃত্বৰ বিশেষ কিছু বার্তা সন্নিৱিষ্ট কৰা হৈছে। নিষ্ঠা, সততা আৰু সমর্পণৰ মনােভাৱেৰে ৰাষ্ট্ৰ আৰু দলক আগুৱাই নিয়াৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলৰ তথ্য সমৃদ্ধ লিখনিও আলােচনীখনত সন্নিৱিষ্ট কৰা হৈছে। 

অসমীয়া বিজেপি বার্তা সম্পাদক ড০ দেৱদত্ত বৰকটকীয়ে আঁত ধৰা আজিৰ এই অনুষ্ঠানত জ্যেষ্ঠ নেত্রী তথা সাংসদ কুইন ওজাৰ লগতে দলীয় বিষয়ববীয়া আৰু কার্যকর্তা সকল উপস্থিত আছিল।

No comments