Breaking News

গোলাঘাট নিৰ্বাচন জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

 


ডিজিটেল সংবাদ, গোলাঘাটঃ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আৰু ০১-০১-২০২২ ক ভিত্তি তাৰিখ হিচাপে লৈ গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত দুয়োটা সমষ্টি ৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই বিধানসভা সমষ্টিৰ ২০২২ বৰ্ষৰ খচৰা ভোটাৰ তালিকাখন আজি প্ৰকাশ কৰা হয় । নিৰ্বাচন বিষয়াৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি নতুন খচৰা ভোটাৰ তালিকা মতে গোলাঘাট নিৰ্বাচন জিলাত মুঠ ভোটদাতাৰ সংখ্যা ৩,৪৬,৩৫০ জন । ইয়াৰে ১,৭২,৯০৩ জন পুৰুষ আৰু ১,৭৩,৪৪৭ গৰাকী মহিলা ভোটদাতা । নতুন ভোটাৰ তালিকা অনুসৰি ৯৫ নং গোলাঘাট সমষ্টিত  মুঠ ভোটাৰৰ সংখ্যা ২,০৫,৩৫৮ জন । ইয়াৰে ১,০২,৫৫১জন পুৰুষ আৰু ১,০২,৮০৭গৰাকী মহিলা ভোটদাতা । একেদৰে ৯৬নং খুমটাই সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৪০,৯৯২জন । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৭০,৩৫২জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৭০,৬৪০গৰাকী । এই খচৰা ভোটাৰ তালিকাত নতুন ভোটদাতাৰ সংখ্যা ১,৪০৫ জন বৃদ্ধি পাইছে ।

আজি প্ৰকাশিত খচৰা ভোটাৰ তালিকাত যদি কোনো যোগ্য ব্যক্তিৰ নাম অন্তৰ্ভূক্ত হোৱা নাই আৰু অন্তৰ্ভুক্ত কৰিব বিচাৰে, অন্তৰ্ভুক্ত হোৱা নাম কৰ্তন, শুধৰণি আদি সন্দৰ্ভত দাবী আৰু আপত্তি আদি অহা ৩০ নৱেম্বৰলৈকে দাখিল কৰিব পাৰিব । আবেদনকাৰীসকলে www.nvsp.in অথবা ভোটাৰ হেল্পলাইন এপৰ জৰিয়তেও আবেদন কৰিব পাৰিব । এনে আবেদন সংশ্লিষ্ট সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় বা কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব । ৩০ নৱেম্বৰৰ ভিতৰত পোৱাকৈ ডাকযোগও আৱেদন দাখিল কৰিব পাৰিব । ২০ ডিচেম্বৰৰ ভিতৰত সকলোধৰণৰ ওজৰ-আপত্তি নিষ্পত্তি কৰি অহা বছৰৰ ৫ জানুৱাৰীত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব । 

উল্লেখযোগ্য যে আজি প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা উপায়ুক্তৰ কাৰ্যালয়, দুয়োটা সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন বিষয়া আৰু সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় আৰু প্ৰতিটো ভোটগ্ৰহন কেন্দ্ৰতে প্ৰকাশ কৰা হয় । গোলাঘাট সমষ্টিৰ বাবে গোলাঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, পদুমনি আৰু গমাৰিগুৰি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো ৰখা হয় । একেদৰে খুমটাই সমষ্টিৰ বাবে খুমটাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, কঠালগুৰি আৰু দেৰগাঁও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় । 

No comments