Breaking News

গুৱাহাটী ৰাজীৱ ভৱনত প্ৰদেশ কংগ্রেছ কমিটিৰ উদ্যোগত বিশেষ সদস্য ভৰ্তি অভিযান উন্মোচন


ডিজিটেল সংবাদ,গুৱাহাটীঃ আজি গুৱাহাটী ৰাজীৱ ভৱনত প্ৰদেশ কংগ্রেছ কমিটিৰ উদ্যোগত ১ নৱেম্বৰ, ২০২১ ৰ পৰা  ৩১ মাৰ্চ, ২০২২ লৈ বিশেষ সদস্য ভৰ্তি অভিযানৰ উন্মোচন কৰা হয়। প্ৰদেশ কংগ্রেছৰ উপ সভাপতি ৰাণা গোস্বামীয়ে এই অভিযানৰ উন্মোচন কৰে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি অসম কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই নিজৰ দলীয় সদস্যতাৰ পুনৰ্নবীকৰণ কৰি আজিৰ এই সদস্য ভৰ্তি অভিযানৰ শুভাৰম্ভনী কৰে। 

সদস্য ভৰ্ত্তি অভিযান উন্মোচন কৰি প্ৰদেশ কংগ্রেছ কমিটিৰ উপ সভাপতি ৰাণা গোস্বামীয়ে কয় যে নিৰ্ধাৰিত অহা ৫ মাহৰ ভিতৰত সমগ্ৰ অসমত ৩৩ লাখতকৈ অধিক সদস্য ভাৰতীয় জাতীয় কংগ্রেছ দলত ভৰ্তি কৰোৱা হ'ব। প্ৰদেশ কংগ্রেছ কমিটিৰ সম্পাদক, মুখপাত্ৰ তথা এই বিশেষ সদস্য ভৰ্ত্তি অভিযানৰ  ৰাজ্যিক সমন্বয়ক পাৰ্থপ্ৰতিম বৰাই আঁত ধৰা কংগ্রেছ দলৰ এই বিশেষ সদস্য ভৰ্ত্তি অভিযানৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ নেতা হিৰণ্য বৰা, অসম প্ৰদেশ যুৱ কংগ্রেছৰ সভাপতি কমৰুল ইছলাম চৌধুৰী, প্ৰাক্তন মন্ত্ৰী আবু চালেহ নজমুদ্দিনৰ লগতে বহু জ্যেষ্ঠ নেতা।

No comments