Breaking News

সেমেকা স্মৃতিৰ সুবাস (একাদশ খণ্ড)


                             মালবিকা শৰ্মা, ভুবনেশ্বৰ

নানা তৰহৰ আকৰ্ষনীয় খাদ্যৰে ডাইনিং টেবুলখন ভৰি আছে। ববিতাই অতি আনন্দেৰে সকলোকে সুস্বাদু খাদ্য পৰিবেশন কৰিছে, ৰাধায়ো তাইক সহায় কৰি আছে। মুঠৰ ওপৰত বেছ আনন্দমুখৰ পৰিবেশ। ববিতাৰ আনন্দ দেখি মলয়ৰ মনটোও বৰ ভাল লাগি আছে। ইমান বছৰৰপৰা অকলশৰীয়া জীৱন যাপন কৰি অহা মলয়ৰ প্ৰথমবাৰৰ বাবে সংসাৰ নকৰা বাবে মনটো অনুতপ্ত হৈছে। 

   ববিতাই তুলি লোৱা অনাথ ছোৱালীজনীয়ে মাক-বাপেকৰ স্নেহৰ লগতে এটা সুন্দৰ ভৱিষ্যতৰ অধিকাৰী হ’ব নিশ্চয়। অতি সুন্দৰ কথা। পিছে ৰাধাৰ জীয়েকৰ মুখখনৰ পিনে চালে মলয়ৰ কিছু দুখ লাগি যায়। বাপেক ভাল হোৱা হ’লে, মদ খাই, জুৱা খেলি টকাবোৰ শেষ নকৰিলে তাই ইমান কম বয়সৰ পৰাই টকা উপাৰ্জন কৰাৰ চিন্তা কৰিবলগীয়া নহ’ল হয়। বেচেৰি ৰাধায়ো কম কষ্টত থাকিবলগীয়া হৈছে নে? কি যে দুৰ্ভাগ্য দুয়ো মাক জীয়েকৰ। চিন্তা কৰিলেই মলয়ৰ মনটো বৰ বেয়া লাগি যায়।

      খোৱা বোৱা শেষ কৰি আটাইবোৰে আহি আকৌ ড্ৰয়িং ৰুমত গৈ বহিল। সৰু সুৰা ধেমেলিয়া কথাৰে চাওতে চাওতে সন্ধিয়া হবৰ হ’ল। একাপ একাপ চাহ খোৱাৰ পিছত মলয়ে সকলোকে মাত দি ওলাই আহিল। ৰাধা আৰু জীয়েকো একেলগে লগ হৈ আহিল। ৰাস্তাত ৰাধাই মলয়ক সুধিলে- কাইলৈ তুমি যাবাই তাৰমানে? মলয়ে ক’লে- অ’ পূজাৰ চুটি শেষ হ’ল যেতিয়া যাবই লাগিব। আৰু কেতিয়া আহিবা বুলি ৰাধাই সোধোতে মলয়ে নাজানো বুলি ক’লে।

    ৰাস্তাৰে আহি থাকোতে ৰাধাৰ জীয়েকক মলয়ে সুধিলে কি পঢ়িব বিচাৰিছে, ডাঙৰ হৈ কি হ’ব ইত্যাদি। জীয়েকে সেমেকা হাঁহি এটা মাৰি ভৱিষ্যতৰ কথা নাজানো বুলি ক’লে। ইমান সময়ৰপৰা মনলৈ আহি থকা ইচ্ছাটো প্ৰকাশ কৰি ক’লে মলয়ে- ৰাধা, মই তোমাৰ ছোৱালীৰ ভৱিষ্যতৰ সকলো পঢ়া খৰচ বহন কৰিব বিচাৰিছো। প্লিজ মানা নকৰিবা। মোৰ নিজৰ সংসাৰ বুলি একো এজন নাই। তোমালোকেই মোৰ নিজৰ মানুহ। মলয়ৰ কথা শুনি ৰাধাৰ চকুত আনন্দৰ চকুলোয়ে দেখা দিলে, জীয়েকৰ শুকান মুখখন সুন্দৰকৈ উজ্বলি উঠিল। মা দূৰ্গাৰ আশীৰ্বাদত সকলোৰে দুখ-কষ্ট, অভাৱৰ অৱসান হ’বলৈ লৈছে বুলি চিন্তা কৰি মা’লৈ তিনিও অন্তৰৰ গভীৰৰপৰা একোটা সেৱা জনালে।

(আগলৈ)

লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক -

https://www.facebook.com/malabika123

No comments