Breaking News

ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত গোলাঘাটৰ ন বছৰীয়া এগৰাকী ছাত্ৰীৰ কবিতা পুথি


সিদ্ধাৰ্থ সন্দিকৈ,গোলাঘাটঃ বয়স মাথো ন বছৰ আৰু এই ন বছৰ বয়সতে এগৰাকী কণমাণিয়ে প্ৰকাশ কৰি উলিয়াইছে ঊনৈশটা কবিতাৰ এক সংকলন। মূলতঃ গোলাঘাটৰ বাসিন্দা আৰু বৰ্তমান নতুন দিল্লীৰ জি ডি গোৱেংকা স্কুলত অধ্যয়নৰত আলিয়া জৈন নামৰ ছাত্ৰী গৰাকীৰ শেহতীয়াকৈ প্ৰকাশিত 'নাইনটিন @ নাইন ' শীৰ্ষক শিশু কবিতা পুথিখনে ৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৃত হৈছে।  জীতেন্দৰ জৈন আৰু প্ৰীতি জৈনৰ দুহিতা আলিয়া জৈনে মাথো সাত বছৰ বয়সৰ পৰাই কবিতাৰ প্ৰতি আকৃষ্ট হয় আৰু নিজৰ শিশু মনৰ বিভিন্ন ভাৱ, অভিব্যক্তি আদি কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰাৰ মানসেৰে হাতত কলম তুলি লয়। 

পিতৃ মাতৃয়ে এই ক্ষেত্ৰত আলিয়াক যথেষ্ট উৎসাহ যোগায় আৰু তাইৰ স্বৰচিত কবিতাসমূহ প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়। আলিয়াৰ কাব্য পুথি 'নাইনটিন @ নাইন'ত দৈনন্দিন জীৱনৰ গতানুগতিক ঘটনা প্ৰৱাহ আৰু প্ৰকৃতিৰ সৈতে জড়িত বিভিন্ন বিষয়বস্তু এক সুন্দৰ কাব্যিক ৰূপত উপস্থাপন কৰা হৈছে আৰু লগতে সম্প্ৰতি সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলোৱা ক'ৰণা অতিমাৰীৰ ওপৰতো এটা কবিতা লিখা হৈছে৷

ন বছৰীয়া কণমানি জনীৰ ঊনৈশটা কবিতা সংকলনৰ এই পুথিখনৰ পাতনি লিখিছে বিখ্যাত কবি,  সাংবাদিক,চলচ্চিত্ৰ নিৰ্মাতা তথা প্ৰাক্তন সাংসদ প্ৰীতিশ নন্দীয়ে আৰু তেখেতে আলিয়া জৈনৰ কাব্য প্ৰতিভাৰ যথেষ্ট শলাগ লৈছে। আলিয়া জৈনৰ কাব্য পুথিখন আমাজন, ফ্লিপকাৰ্ট আদি ই কমাৰ্চ চাইটত উপলব্ধ।

No comments