Breaking News

গোলাঘাটৰ পদুমণিত পাৰিবাৰিক কাজিয়াৰ পৰিণতিত এজন অগ্নিদগ্ধ


প্ৰশান্ত প্ৰতিম দুৱৰা,পদুমণিঃ পাৰিবাৰিক কাজিয়াৰ পৰিণতিত গোলাঘাটৰ পদুমণি অকাঁৰ তিনি আলিত মঙলবাৰে নিশা সংঘটিত এক ঘটনাত এজন লোক গুৰুতৰ ভাবে অগ্নিদগ্ধ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ঘটনাৰ বিৱৰণী মতে, গোলাঘাটৰ পদুমণি অকাঁৰ তিনি আলিৰ এহাল দম্পতীয়ে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানত নিশা প্ৰায় ৯ মান বজাত তীব্ৰ বাক্-বিতন্দাৰ সৃষ্টি কৰি পৰিৱেশ উতল কৰি তোলে।  

দম্পতীহালৰ বাক্- বিতন্দাই এটা সময়ত ভীষণ ৰূপ ধাৰণ কৰি অকণি গগৈৰ পত্নী জোন গগৈয়ে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানত বিক্রীৰ বাবে মজুত কৰি ৰখা পে'ট্ৰল ব্যৱসায় প্ৰতিষ্ঠানখনৰ চাৰিওফালে ছটিয়াই সকলো জ্বলাই দিম বুলি চিঞৰিবলৈ ধৰে। তেনে সময়তে ওচৰতে থকা আন এখন  দোকানৰ স্বত্বাধিকাৰী প্ৰশান্ত সন্দিকৈয়ে কাজিয়াৰ মীমাংসা কৰিবলৈ বুলি ভিতৰলৈ সোমাই যোৱা অৱস্থাত তেওঁৰ গাটো পে'ট্ৰল পৰাত মূহুৰ্ততে জুইয়ে প্ৰশান্ত সন্দিকৈক অগ্নি দগ্ধ কৰে। ততাতৈয়াকৈ তেওঁক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 

পিছত স্থানীয় ৰাইজে নিশাই দম্পতীহালৰ ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ঘটনা সংঘটিত কৰা জোন গগৈক  গোলাঘাট জিলা সদৰ থানাত  চমজাই দি দোষীক উচিত বিচাৰ তথা শাস্তিৰ দাবী জনায়।

No comments