Breaking News

গোলাঘাটত সম্পন্ন হ'ল সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনীৰ ৰাজহুৱা সভা


ডিজিটেল সংবাদ,গোলাঘাটঃ সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনীৰ এখন ৰাজহুৱা সভা গোলাঘাটৰ মৈত্ৰী সংঘত যোৱা ৭ নবেম্বৰত অনুষ্ঠিত হৈ যায়।বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী ৰামেশ্বৰ দাসৰ পৌৰোহিত্যত আয়োজন কৰা সভাখনত বোকাখাত, ৰংবং, দৈগ্ৰোং,সৰুপথাৰ,টেঙানী, জামুগুৰি,লক্ষীপুৰ, বৃহত্তৰ দৈয়াং অঞ্চল, কমাৰবন্ধা, দেৰগাঁও,খুমটাই,কমাৰগাঁও আৰু সদস্যৰ পৰা প্ৰায় ডেৰ শতাধিক কৈৱৰ্ত সম্প্ৰদায় লোকে অংশগ্ৰহণ কৰে। সভাত উদ্দেশ্য ব্যাখ্যা কৰে সন্মিলনীৰ মুখ্য সাংগঠনিক সচিব ধ্ৰুৱজ্যোতি ভৰাঁলীয়ে। জনগোষ্ঠীটোৰ ভালেসংখ্যক গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰা ৰাজহুৱা সভাখনৰ পৰ্যবেক্ষকৰ দায়িত্ব থাকে  সন্মিলনীৰ কেন্দ্ৰীয় উপ সভাপতি জীবেশ্বৰ দাস আৰু যোৰহাট জিলাৰ প্ৰধান সচিব দেৱজিৎ দাসৰ। 

উল্লেখযোগ্য যে জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত ১৯০৫ চনতেই ব্ৰিটিছ শাসনকালত সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনী খন শিৱসাগৰ জিলাত গঠন কৰিছিল জনগোষ্ঠীৰ পুৰুধা ব্যক্তি সকলে। এই ৰাজহুৱা সভাতেই ৰংবংৰ বিশিষ্ট শিক্ষাবিদ , সু-সাহিত্যিক তিতাৰাম দাসক মুখ্য উপদেষ্টা হিচাবে লৈ দেৰগাঁৱৰ শিক্ষাবিদ নৰেন দাসক সভাপতি, কমাৰবন্ধাৰ পাৰ্থ প্ৰতীম দাসক প্ৰধান সচিব, লক্ষীবাৰীৰ ৰুবুল দাস আৰু বোকাখাটৰ ৰামেশ্বৰ দাসক উপ-সভাপতি, টেঙানিৰ খগেন দাস , সদৰৰ বিৰাজ দাস আৰু মেৰাপানীৰ প্ৰাণজিৎ দাসক সাংগঠনিক সচিব, ৰজাবাৰীৰ প্ৰহ্লাদ দাসক প্ৰচাৰ সচিব, নুমলীগড়ৰ কৌস্তভমণি দাসক বিত্ত সচিব হিচাবে লৈ এখন ৩১ জনীয়া পূৰ্ণাঙ্গ জিলা সমিতি গঠন কৰা হয়।

পৰৱৰ্তী সময়ত জিলাখনৰ চাৰিটা মহকুমাতে একোখনকৈ মহকুমা সমিতি আৰু কৈৱৰ্ত্ত বসতি প্ৰধান অঞ্চলসমূহত একোখনকৈ আঞ্চলিক সমিতি গঠনৰ প্ৰস্তাৱ এই সভাত গ্ৰহণ কৰা হয় লগতে বৃহত্তৰ দৈয়াং অঞ্চল আৰু টেঙানি জনাঞ্চলত বসবাস কৰা ভূমিহীন কৈৱৰ্ত্ত লোকসকলক মাটিৰ পট্টা প্ৰদান কৰিবৰ বাবে সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এটি প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত সভাত গ্ৰহণ কৰা হয়।

No comments