Breaking News

ইতিহাস হৈ পৰিব নেকি ৰিপাব্লিক অফ মাৰ্শ্বাল আইলেণ্ড!

 


ডিজিটেল ডেস্কঃ গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিশ্ববাসীলৈ কঢ়িয়াই আনিছে চূড়ান্ত ভাবুকি। সমুদ্ৰ বৰ্ধিত জলৰাশিত ডুব যোৱাৰ উপক্ৰম ঘটিছে পৃথিৱীৰ ভূ-ভাগ। প্ৰশান্ত মহাসাগৰীয় ৰাষ্ট্ৰ ৰিপাব্লিক অফ মাশ্বাল আইলেণ্ডছৰ পৰা আৰম্ভ হৈছে এই ভয়ানক প্ৰক্ৰিয়া। পৃথিৱীৰ চাৰিওফালে অভানীয়ভাৱে বৃদ্ধি পাইছে প্ৰদূষণ। যাৰ ফলত বৃদ্ধি পাইছে গোলকীয় উষ্ণতা। গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে এতিয়া গলিবলৈ আৰম্ভ কৰিছে মেৰুৰ বৰফ। বৰফ গলিবলৈ আৰম্ভ কৰাৰ লগে লগে ইফালে বৃদ্ধি পাইছে সাগৰীয় জলপৃষ্ঠ। ইয়াৰ ফলত উৰ্ধগামী সমুদ্ৰৰ জলৰাশিয়ে বুৰাই পেলাবলৈ আৰম্ভ কৰিছে পৃথিৱীৰ ভূ-ভাগ। 

এতিয়া শংকা কৰা হৈছে পৃথিৱ ক্ৰমান্বয়ে পানীৰ তললৈ নেকি? এনে প্ৰক্ৰিয়া বাস্তৱিকৰূপত দেখা পোৱা গৈছে ৰিপাব্লিক অফ মাৰ্শ্বাল আইলেণ্ডত। ইতিমধ্যে ক্ৰমান্বয়ে ডুব যাবলৈ ধৰিছে মাৰ্শ্বাল আইলেণ্ড। মাৰ্শ্বাল আইলেণ্ড ৰূপেও জনাজাত এই দ্বীপৰাষ্ট্ৰখনৰ উপকূলীয় অঞ্চলসমূহ উৰ্ধমুখী সামুদ্ৰিক জলৰাশিয়ে সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছে।  যাৰ পৰিপ্ৰেক্ষিতত প্ৰশান্ত সাগৰীয় এই দ্বীপ ৰাষ্ট্ৰখনৰ পৰা পলাবলৈ লৈছে জনসাধাৰণ।  পাঁচটাকৈ দ্বীপেৰে গঠিত ৰাষ্ট্ৰখনৰ মুৰব্বীয়ে এতিয়া বিচাৰিছে বিশ্ব সমুদায়ৰ সহায়। উপায়ন্ত হৈ প্ৰশাসনে এনে অঞ্চলসমূহত নিৰ্মাণ কৰিছে চি ৱাল। পিছে এই চি ৱালে বৰ্ধিত সমুদ্ৰ পৃষ্ঠৰ পানী প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব নে? বা কিমান দিনলৈ প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব এই চি ৱালে তাত সন্দেহ আহি পৰিছে।

এনে পৰিপ্ৰেক্ষিতত দ্বীপৰাষ্ট্ৰখনৰ নাগৰিক ভীতিগ্ৰস্ত হৈ আমেৰিকালৈ প্ৰব্ৰজন কৰিছে। পৰিৱেশবিদসকলৰ মতে মেৰু অঞ্চলৰ বৰফ গলাৰ বাবে এনেদৰে মহাসমুদ্ৰৰ পানীত মিহলি হৈ দ্বীপ ৰাষ্ট্ৰখনত এইদৰে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। গোলকীয় উষ্ণতা যদি এই গতিৰে যদি বৃদ্ধি পাই থাকে তেন্তে সমুদ্ৰ উষ্ণতা বৃদ্ধি পাইয়ে থাকিব। এনেদৰেই যদি বৰ্ধিত সাগৰীয় জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পায়ে থাকে তেন্তে এদিন দ্বীপৰাষ্ট্ৰখনৰ অস্তিত্ব নাইকীয় হৈ পৰিব। এদিন হয়তো ৰিপাব্লিক অফ মাৰ্শ্বাল আইলেণ্ড ইতিহাস হৈ পৰিব।

No comments