Breaking News

ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী, ২০২২ কামৰূপত বিশেষ সজাগতা অভিযান


ডিজিটেল সংবাদ,কামৰূপঃ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে উপযুক্ত কামৰূপ জিলাৰ সকলো নাগৰিককে নাম অন্তৰ্ভুক্তিকৰণৰ বাবে সজাগ আৰু উৎসাহিত কৰাৰ অৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ এই অনুসৰি অহা ১৩, ১৪, ২১ আৰু ২৭ নৱেম্বৰত কিছুমান বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ 

ইয়াৰ বাবে জিলাখনৰ প্ৰতিটো ভোটকেন্দ্ৰতে এই দিনকেইটাত সকলো দৰকাৰী প্ৰ-পত্ৰ আৰু ভোটাৰ তালিকাৰে সৈতে বিএলঅ’সকল উপস্থিত থাকিব৷ তদুপৰি বিশেষকৈ প্ৰাপ্তবয়স্ক ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে বিভিন্ন মহাবিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ বাবে জিলা নিৰ্বাচক পঞ্জীয়ন বিষয়াসকলক দায়িত্ব অৰ্পণ কৰা হৈছে৷ বিশেষকৈ ভোটাৰ হেল্পলাইন এপ ব্যৱহাৰ কৰি সহজে নাম পঞ্জীয়ন কৰাৰ বাবে সকলোকে সজাগ কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে৷ আনহাতে উপযুক্ত সকলো নাগৰিককে নাম পঞ্জীয়ন প্ৰক্ৰিয়া সম্পৰ্কত অৱগত কৰিবৰ বাবে ঠায়ে ঠায়ে অনুভাষ যন্ত্ৰৰে ঘোষণা দিয়াৰ বাবেও পদক্ষেপ লোৱা হৈছে৷ ইয়াৰ উপৰি ঠায়ে ঠায়ে বেনাৰ পোষ্টাৰ আদিও লগোৱা হৈছে৷

এই বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ লাভ আদায় কৰি নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ জিলাখনৰ সকলো উপযুক্ত নাগৰিককে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে আহ্বান জনাইছে৷ উল্লেখযোগ্য যে এই সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ বাবে দাবী আৰু আপত্তি দাখিলৰ অন্তিম তাৰিখ হৈছে ৩০ নৱেম্বৰ৷ অহা ৫ জানুৱাৰী, ২০২২ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব৷         


No comments