Breaking News

তিতাবৰ কাংসপাৰ বৰঠাই সত্ৰৰ সাতোলা ৰঞ্জিত কুমাৰ ভূঞাৰ দেহাৱসান


ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাট জিলাৰ তিতাবৰস্হিত শ্রী শ্রী কাংসপাৰ বৰঠাই সত্ৰৰ সত্ৰীয়া খেলৰ সাতোলা ৰঞ্জিত কুমাৰ ভূঞাৰ বৃহস্পতিবাৰে যোৰহাট মেডিকেল কলেজ হাস্পতালত পৰলোকপ্ৰাপ্তি ঘটে। অতিশয় অমায়িক মিতভাষী, সত্ৰৰ একনিষ্ঠ সেৱক হিচাপে পৰিচিত সাতোলাগৰাকীৰ বিয়োগত সমগ্র অঞ্চলটোৰ লগতে সত্ৰানুৰাগী শিষ্য-প্ৰশিষ্যৰ মাজত শোকৰ ছাঁ  পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৬ বছৰ। ইহসংসাৰত প্ৰয়াত সাতোলাগৰাকীয়ে এটি পুত্র, একমাত্র জী-জোঁৱাই, পৰিবাৰ আৰু ভালেসংখ্যক ইষ্ট-কুটুম্বক এৰি থৈ যায়। সত্ৰৰ সত্ৰাধিকাৰ ঈশ্বৰ কান্ত দেৱ মহন্তই সাতোলাগৰাকীৰ বিয়োগত সত্ৰৰ এটি স্তম্ভ খহি পৰিল বুলি শোক ব্যক্ত কৰে।

No comments