Breaking News

গোলাঘাটত ঋণ শিবিৰ সম্পন্ন, ৮০১ টা আত্মসহায়ক গোটলৈ ১৯.৬৫ কোটি টকাৰ ঋণ


ডিজিটেল সংবাদ,গোলাঘাটঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ গোলাঘাট জিলা প্ৰকল্প প্ৰৱন্ধক গোটৰ উদ্যোগত আজি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এটা ঋণ শিবিৰ অনুষ্ঠিত হয় । অনুষ্ঠানত গোলাঘাট জিলাৰ মুঠ ৮০১ টা আত্মসহায়ক গোটলৈ ১৯.৬৫ কোটি টকাৰ ঋণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয় । ইয়াৰে ৩৪৪ টা গোটক ৯.৬৩ কোটি টকাৰ ঋণৰ আবন্টন পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । অনুষ্ঠানত অংশ লৈ জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয় যে জিলাখনৰ আত্মসহায়ক গোটসমূহৰ মাজত ঋণ লৈ কাম কৰাৰ ব্যাপক আগ্ৰহ দেখা গৈছে । এইক্ষেত্ৰত তেওঁ বেংকসমূহে দিয়া সহাঁৰিৰ বাবে বেংক কৰ্তৃপক্ষসমূহক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ ঋণৰ ধন উপার্জনমুখী উৎসত ব্যয় কৰিবলৈ গোটৰ সদস্যসকলৰ প্ৰতি আহ্বান জনায় ।

এই ঋণ শিবিৰত অসম গ্ৰামীণ বিকাশ বেংকে আত্মসহায়ক গোটসমূহলৈ সৰ্বাধিক ঋণ আৱন্টন দিছে । লগতে ভাৰতীয় ষ্টেট বেংক, ইণ্ডিয়ান বেংক, পঞ্জাৱ নেশ্যনেল বেংক, এইচ ডি এফ চি, এপেক্স বেংক, আই ডি বি আই, চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক, কানাড়া বেংক আৰু বেংক অৱ বৰোডাই ঋণ আগবঢ়াইছে । 

অনুষ্ঠানত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক  অবিনাশ শইকীয়া, গোলাঘাটৰ এল ডি এম, অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক প্ৰৱন্ধক, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প প্ৰৱন্ধক (বীমা আৰু পেঞ্চন), খণ্ড উন্নয়ন বিষয়াসকল, বিভিন্ন বেংকৰ শাখা প্ৰৱন্ধক আৰু আত্ম সহায়ক গোটৰ সদস্যসকল উপস্থিত আছিল । 

No comments