Breaking News

গোলাঘাটত বিশ্ব এইডছ দিৱস উদযাপন


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আজি পৌৰ সভাৰ কাৰ্যালয়ৰ সভাকক্ষত বিশ্ব এইডছ দিৱস উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । সভাত অংশ লৈ উজনি অসমৰ আয়ুক্ত সিদ্ধাৰ্থ সিঙে কয় যে এইডছৰ বিৰুদ্ধে ব্যাপক জনসজাগতা সৃষ্টিৰ প্ৰয়োজন আছে । এইক্ষেত্ৰত মহাবিদ্যালয়সমূহত এইডছ সম্পৰ্কীয় আলোচনাচক্ৰ, সভা আদি অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰিবলৈ তেওঁ আহ্বান জনায় । ভাৰতত এইডছত আক্ৰান্ত লোকৰ হাৰ মুঠ জনসংখ্যাৰ দশমিক ২ শতাংশ বুলি উল্লেখ কৰি তেওঁ কয় যে ছাত্ৰ-ছাত্রীসকলে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক এই সন্দৰ্ভত বিশেষভাৱে সজাগ কৰাৰ ক্ষেত্ৰত গুৰুদায়িত্ব বহন কৰিব পাৰে । এইডছৰ বিৰুদ্ধে যুঁজ দিবলৈ কোনো অকৰ্তৃত্বশীল উৎসৰ পৰা তেজ নল'বলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয় যে এইডছত আক্ৰান্ত হ'লেও হতাশ হোৱাৰ কাৰণ নাই । এইডছ আক্ৰান্ত লোকসকলক সমাজৰ মূল সুঁতিৰ পৰা আঁতৰাই নথৈ তেওঁলোকক আমিয়েই সুন্দৰ জীৱনৰ পথ দেখুৱাই দিব লাগিব বুলি তেওঁ মন্তব্য কৰে । তেওঁ এই ৰোগৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে । 


অনুষ্ঠানত কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক ডাঃ তৌফিক হুছেইন, ডাঃ ৰূপক বৰা, ডাঃ ৰবীন তামুলী, ডাঃ ৰঞ্জিত হাজৰিকা আদিয়ে এইডছৰ ভয়াৱহতা আৰু ইয়াৰ বিৰুদ্ধে কেনেকৈ যুঁজ দিব লাগিব এই বিষয়ে ব্যাখ্যা আগবঢ়ায় । অনুষ্ঠানত অংশ লৈ জ্যেষ্ঠ নাগৰিক জিয়াজ্যোতি গগৈয়ে যোগাভ্যাস আৰু ল'ৰা-ছোৱালীৰ মাজত কিছুমান বিষয় মুকলিকৈ পাতিলে এইডছ নিয়ন্ত্ৰণত যথেষ্ট সহায় হ'ব বুলি মত প্ৰকাশ কৰে । অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত মুন গগৈ, মহকুমাধিপতি (সদৰ) ডঃ সংগীতা বৰঠাকুৰ আৰু ভালেসংখ্যক চিকিৎসক, নাৰ্ছ আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় । অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডাঃ সুনীতা এক্কাই । অনুষ্ঠানটোত ৰণ্ডিয়া য়ুথ চেণ্টাৰে সহযোগিতা আগবঢ়ায় ।


ইয়াৰ পূৰ্বে বিশ্ব এইডছ দিৱস উপলক্ষে গোলাঘাট জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত গোলাঘাট নগৰৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা পৌৰ সভাৰ কাৰ্যালয়লৈকে এটা সজাগতা শোভাযাত্ৰা উলিওৱা হয় । সমদলত চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকর্মী, এন চি চি কেডেট, এন এছ এছ আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে । গোলাঘাট জিলা ও সত্ৰ ন্যায়াধীশ শ্ৰী বিনোদ কুমাৰ চণ্ডকে এই শোভাযাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে ।

No comments