Breaking News

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত শিক্ষক আৰু অভিভাৱকৰ মতবিনিময় সভা 'বাৰ্তালাপ' সম্পন্ন।


ডিজিটেল সংবাদ,গোলাঘাটঃ ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক-মানসিক সৰ্বাঙ্গীন বিকাশ তথা অধ্যয়নৰ এক সুস্থ পৰিবেশ গঢ় দিয়াৰ উদ্দেশ্যৰে  ১৩ নৱেম্বৰ ২০২১ তাৰিখে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক আৰু শিক্ষকৰ এখন মতবিনিময় সভা অনুষ্ঠিত হৈ যায়৷  গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ এন্টাৰপ্ৰিন'ৰশ্বিপ, কেৰিয়াৰ গাইডেন্স এণ্ড প্লেছমেন্ট ছেলৰ (Enterpreneurship, Career Guidence and Placement Cell) উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষ(IQAC)ৰ সহযোগত অনুষ্ঠিত 'বাৰ্তালাপ' শীৰ্ষক উক্ত সভাখনত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে যথেষ্ট সংখ্যক অভিভাৱক উপস্থিত থাকে৷ 

সভাত সভাপতিত্ব কৰি গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উৎপল শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মহাবিদ্যালয়ত থকা সা-সুবিধাবিলাকৰ আভাস দিয়াৰ লগতে শিক্ষক আৰু অভিভাৱকৰ সমিলমিল প্ৰচেষ্টাৰ ফলতহে ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিয়া সম্ভৱ বুলি কয়। উপস্থিত অভিভাৱকসকলৰ ভিতৰত যতীন দলে, জয়শ্ৰী গগৈ, উত্তম গগৈ, লুকুমনি শইকীয়াই গতানুগতিক বিষয়ৰ পাঠদানৰ লগতে কৌশলগত বিষয়ৰ পাঠদান, ছাত্ৰ-ছাত্ৰীসকলৰ বাধ্যতামূলক উপস্থিতি তথা শাৰীৰিক শিক্ষা আৰু ক্ৰীড়াৰ দিশত গুৰুত্ব দিব লাগে বুলি মত প্ৰকাশ কৰে। 

উপাধ্যক্ষ ড০ প্ৰদীপ বৰঠাকুৰে শিক্ষক-ছাত্ৰৰ লগতে অভিভাৱকসকলৰ সচেতনতা আৰু সহযোগিতাতহে  শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াটো অধিক ফলপ্ৰসু হৈ উঠে বুলি কয়। এন্টাৰপ্ৰিন'ৰশ্বিপ, কেৰিয়াৰ গাইডেন্স এণ্ড প্লেছমেন্ট ছেলৰ সমন্বয়ক ভাস্কৰ কাকতিয়ে আঁত ধৰা সভাখনত অধ্যাপক ড০ প্ৰাঞ্জল প্ৰতীম দত্ত, নীতিমা শৰ্মা আৰু শ্ৰীমন্ত প্ৰসাদ হাজৰিকাই বক্তব্য আগবঢ়ায়। অধ্যাপিকা জোনটি দুৱৰাই অভিভাৱকসকলৰ উপস্থিতিৰ বাবে শলাগ জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতে সকলো অভিভাৱকৰ সহযোগিতা কামনা কৰে।

No comments