Breaking News

গোলাঘাটৰ প্ৰয়াস চিনিয়ৰ চেকেণ্ডাৰী স্কুলত প্ৰতিষ্ঠা দিৱস, নৱাগত আদৰণী সভা


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটৰ প্ৰয়াস চিনিয়ৰ চেকেণ্ডেৰী বিদ্যালয়ত একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি সভা খনি শুক্রবাৰে সুকলমে অনুষ্ঠিত কৰা হ'ল। সভা খনিৰ সভাপতিৰ আসন অলংকৃত কৰে প্ৰয়াসৰ  ৰেক্টৰ তথা গোলাঘাট বাণিজ্য মহা বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ মহেন শইকীয়াই।


সভাপতিৰ লগতে আসনত উপবিষ্ট থাকে আঠখেলিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ প্ৰদীপ সোনাৰ  আৰু প্ৰয়াস একাডেমিৰ  অধ্যক্ষ যতীন্দ্ৰ শইকীয়া,উপাধ্যক্ষ তৰুলতা শইকীয়াই। 


সভাৰ আঁত ধৰে অসমীয়া বিভাগৰ জিতু পূজাৰী আৰু উদ্দেশ্য ব্যাখ্যা কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰকাশ জ্যোতি বৰাই। ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা কভিড প্ৰৰ্টকল মানি এলানি গীত মাতৰ অনুষ্ঠানৰ সংযোগেৰে সভাখনি সুন্দৰ ভাৱে অনুষ্ঠিত কৰা হয়।

No comments