Breaking News

ক'ভিড প্ৰট'কল মানি দীপাৱলী উদযাপন কৰাৰ আহ্বান গোলাঘাট জিলাৰ উপায়ুক্তৰ


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা উপলক্ষে জিলাবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত উপায়ুক্তগৰাকীয়ে এইবাৰ দীপাৱলী ক'ভিড প্ৰট'কল মানি পালন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। তেওঁ উৎসৱৰ বতৰত পৰিৱেশ নিকা আৰু স্বচ্ছ কৰাৰ সংকল্প ল'বলৈ আহ্বান জনাই কয় যে, তেতিয়াহে আমি আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰদূষণমুক্ত এটা পৰিষ্কাৰ পৰিৱেশ গঢ়ি দিয়াটো সুনিশ্চিত কৰিব পাৰিম। তেওঁ কয় যে, ক'ভিড-19ৰ ভয়াৱহতা এতিয়াও মাৰ যোৱা নাই ।

জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে গোলাঘাট জিলাখনক ক'ভিডমুক্ত কৰাৰ বাবে এতিয়াও প্ৰয়াস অব্যাহত ৰাখিছে । তেওঁ কয় যে, ক'ভিডৰ বিৰুদ্ধে আমাৰ প্ৰধান অস্ত্ৰ প্ৰতিষেধক গ্ৰহণ, মাস্ক পৰিধান আৰু ভিৰ পৰিহাৰ কৰা। প্ৰতিষেধক গ্ৰহণ কৰিলেও এজন লোক নিজৰ অজ্ঞাতে এই ৰোগৰ বাহক হ'ব পাৰে বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে নিজৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত আৰু আপোনজনৰ স্বাৰ্থত নাক আৰু মুখ ভালদৰে ঢাকি সঠিকভাৱে মাস্ক পৰিধান কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । 

তেওঁ কয় যে পোহৰৰ উৎসৱ দীপাৱলী ৰোগৰ প্ৰাদুৰ্ভাৱ বঢ়োৱাৰ পৰিৱৰ্তে ৰোগৰ বীজাণু বিনাশৰ মাধ্যম হওঁক। তেওঁ কয় যে, দীপাৱলীত উচ্চ প্ৰাৱল্যৰ ফটকা বা আটচবাজি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক । ক'ভিডৰ নীতি-নিৰ্দেশনা মানি অভিভাৱকসকলক তেওঁলোকৰ সন্তান বা আপোনজনৰ হাতত ফটকাৰ পৰিৱৰ্তে মাস্ক তুলি দিবলৈও তেওঁ আহ্বান জনায়।

No comments