Breaking News

বনৰীয়া হাতীৰ গছকত এজন আহত





মৃত্যুঞ্জয় দাস,সোণাৰিঃ চৰাইদেউ জিলাৰ অসম নগালেণ্ড সীমান্তত অৱস্থিত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাক এটাৰ আক্ৰমণত এজন চাহ শ্ৰমিক আহত হৈছে। প্ৰাপ্ত তথ্য মতে সোণাৰিৰ কাষৰীয়া পুৰণি টাউকাক চাহ বাগিচা অঞ্চলত প্ৰৱেশ কৰি খাদ্যৰ সন্ধানত উপদ্রব চলাই থকা ২৫-৩০টা হাতী থকা জাকটোৱে বাগিচা খনৰ জোনাচ ওৰাং(২৭) নামৰ চাহ শ্ৰমিক জনক আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে। চাহ শ্ৰমিক জনক আক্ৰমণ কৰি হাতীৰ জাকটো জৱকা চাহ বাগিচাৰ দিশত গতি কৰে। আহত চাহ শ্ৰমিকজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ বাগিচাখনৰ চিকিৎসালয়লৈ নিয়ে যদিও তেওঁ চিকিৎসাৰ বাবে ৰজাপুখুৰীস্থিত চৰাইদেউ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়খনত আহত শ্ৰমিকজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত তেওঁৰ অৱস্থা সংকটজনক হৈ থকাত  তেওঁৰ উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

No comments