Breaking News

শিশু দিৱস উপলক্ষে গোলাঘাটত দিগদৰ্শন প্ৰকাশনৰ ব্যতিক্ৰমী অনুষ্ঠান"কিতাপ পঢ়োঁ আহা" আয়োজন


ডিজিটেল সংবাদ,যোৰহাটঃ শিশু দিৱসৰ লগত সংগতি ৰাখি সমাজক এক নতুন বাৰ্তা দিয়াৰ চেষ্টাৰে যোৰহাটৰ দিগদৰ্শন প্ৰকাশন গোষ্ঠীৰ সৌজন্যত আৰু গোলাঘাটৰ কাঠকটিয়া গাঁওৰ ৰাইজৰ সহযোগত "কিতাপ পঢ়োঁ আহা" শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। নৱপ্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ চিন্তাৰে আয়োজিত দিনজোৰা এই কাৰ্যসূচীত উপস্থিত সকলোকে গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হ'ব। ছাত্ৰ-ছাত্ৰীসকলক কিতাপ পঢ়াৰ লগতে আনকো কিতাপ পঢ়িবলৈ উৎসাহ দিয়াৰ উদ্দেশ্য দিগদৰ্শন প্ৰকাশনে ছাত্ৰ-ছাত্ৰীক শিশু আৰু কিশোৰৰ উপযোগী গ্ৰন্থ প্ৰদান কৰিব বুলি দিগদৰ্শন প্ৰকাশনৰ হৈ "দিগদৰ্শন"ৰ সম্পাদক পংকজ কুমাৰ দাসে জানিবলৈ দিছে। 

উল্লেখ্য যে,  শিশু দিৱসৰ দিনা দিগদৰ্শন প্ৰকাশনে প্ৰতিবছৰে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিশু উপযোগী গ্ৰন্থ প্ৰদান কৰি আহিছে। চলিত বৰ্ষৰ এই অনুষ্ঠানটি অহা ১৪ নৱেম্বৰত গোলাঘাটৰ কাঠকটিয়া গাঁৱৰ  ডি.টি.অ অফিচৰ সমীপত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। পুৱা ১০বজাৰ পৰা ৩ বজালৈ আয়োজিত এই অনুষ্ঠানত উপহাৰ স্বৰূপে ১০০ শিশুক বিনামূলীয়াকৈ অসমীয়া শিশু সাহিত্যৰ গ্ৰন্থৰ টোপোলা আগবঢ়োৱাৰ কথা ভবা হৈছে। 

কণ কণ শিশুসকলৰ মাজত চিত্ৰাংকন,প্ৰশ্নোত্তৰ,কবিতা পাঠ,সাধু কোৱা আদি অনুষ্ঠানেৰে জীপাল হৈ উঠিব লগা এই অনুষ্ঠানত গোলাঘাটৰ বিশিষ্ট লেখিকা, জনপ্ৰিয় কবিতা পুথি "অকণিৰ কণ কথা"ৰ স্ৰষ্টা, শিশুপ্ৰেমী নিৰু নাথক এটি স্মাৰক,গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰৰে "শিশু মহীয়ান" সন্মানেৰে সন্মানিত কৰাৰ লগতে একেটা অনুষ্ঠানতে দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত নিৰু নাথৰ শিশু উপযোগী কবিতা পুথি এখনো  উন্মোচন কৰা হ'ব। অনুষ্ঠানৰ সমূহ কাৰ্যসূূচীত গোলাঘাটবাসীৰ সহযোগিতা কামনা কৰিছে শিশু দিৱস উদযাপন সমিতিৰ সভাপতি গীতাশ্ৰী বৰা আৰু সম্পাদিকা ইলা শইকীয়াই।

No comments