Breaking News

গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটিৰ ২০২১ বৰ্ষৰ বঁটা প্ৰাপকৰ নাম ঘোষণা ।


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটিৰ ২০২১ বৰ্ষৰ বঁটা প্ৰাপকৰ নাম ঘোষণা । বিশিষ্ট নাট্য কৰ্মী সপোন জ্যোতি ঠাকুৰক হৰিপদ চেতিয়া বঁটা , প্ৰবীণ অভিনেত্ৰী লিলি হাজৰিকাক এমেচাৰ থিয়েটাৰ চ'চাইটি বঁটা আৰু উদিয়মান কন্ঠ শিল্পী জেচৰিন আহমেদক উদিয়মান শিল্পী বঁটাৰ বাবে নিৰ্বাচিত ।দেওবাৰে সন্ধিয়া চ'চাইটিৰ পৰিচালনা সমিতিৰ সভাত এই শিল্পী সকলক বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় । অহা ২৫ নবেম্বৰত এমেচাৰ চ'চাইটিৰ ১২৭ বৰ্ষ প্ৰতিষ্ঠা দিৱসত বঁটা সমূহ প্ৰদান কৰা হ'ব ।

No comments